আলফাৰ বিদ্ৰোহৰ ফলত অসমৰ নাৰীৰ মানসিক জগতত পৰা নেতিবাচক প্ৰভাৱ

United liberation Front of Assam চমুকৈ আলফাক ভাৰত চৰকাৰে ১৯৯০ চনত উগ্ৰপন্থী সংগঠন আখ্যা দি নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছিল।

অসমৰ সাৰ্বভৌমত্ব দাবী কৰা এই সংগঠনৰ জন্ম হৈছিল ১৯৭৯ চনৰ ৭ এপ্ৰিলত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত।

ভাৰতীয় সেনাই ১৯৯০ চনত সংগঠনটোৰ বিৰুদ্ধে সেনা অভিযানৰ সূচনা কৰে। যোৱা দুটা দশকত আলফা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ঘৰ ফলত প্ৰায় ১৮০০০ জনতকৈ অধিক ব্যক্তিৰ মৃত্যু হৈছে।

১৯৯০ চনৰ মে’ মাহত আলফাই সুৰেন্দ্ৰ পালক কৰা হত্যাকাণ্ডই তেতিয়াৰ প্ৰফুল্ল মহন্তৰ অসম চৰকাৰক জোঁকাৰি গৈছিল।

ইয়াৰ উপৰি বিস্ফোৰণ ঘটাই আলফাই বহুতো নিৰীহ লোকৰ প্ৰাণহানি কৰাৰ ঘটনাই আলফাৰ প্ৰতি মানুহৰ মনত এখন ভয়ানক চিত্ৰ খোদিত কৰিছিল।

যুদ্ধ- বিদ্ৰোহ আদি পৰিস্থিতিত নাৰী জাতি অতিমাত্ৰা ক্ষতিগ্ৰস্ত হয়। নাৰীৰ ওপৰত কৰা বিভিন্ন শাৰীৰিক উৎপীড়ন, সন্মানহানিৰ ঘটনাই নাৰীৰ মানসিক জগতখনক তচনচ কৰি পেলায়।

অসমত নাৰীৰ প্ৰস্থিতিলৈ মন কৰিলে আমি দেখা পাম যে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী যুগ যুগ ধৰি উপেক্ষিতা, নিৰ্যাতিতা হৈ আহিছে।

যিকোনো হিংসাকাৰ্যই মানুহৰ শৰীৰৰ লগতে মানসিক জগতত বিৰূপ প্ৰভাৱ পেলায়।

নব্বৈৰ দশকত আলফাৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সেনা বাহিনীয়ে অসমৰ নাৰীৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল। পুত্ৰ- ভাতৃ অথবা স্বামীৰ সন্ধান বিচৰাৰ নামত নাৰীক ধৰ্ষণ পৰ্যন্ত কৰা হৈছিল।

এনে অত্যাচাৰে শাৰীৰিক অৱস্থাৰ লগতে নাৰীৰ মনস্তাত্বিক দিশৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছিল।
এই নেতিবাচক প্ৰভাৱৰ ভিতৰত আমি প্ৰথমেই ‘ Trauma ‘ ৰ কথা উল্লেখ কৰিব লাগিব।

বিদ্ৰোহৰ সময়ত হোৱা নাৰীৰ সন্মান হানিয়েই হওক বা আপোনজনৰ মৃত্যুৰ বাতৰিয়েই হওক, দীৰ্ঘকালীন বা হ্ৰস্বকালীন সময়ৰ ‘ Trauma ‘ ই নাৰীৰ মানসিক অৱস্থাৰ অৱনতি ঘটাইছিল। এনে পৰিস্থিতিতো কিছুমান নাৰীয়ে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি ঘৰৰ সমগ্ৰ দায়িত্ব পালন কৰি গৈছিল যদিও বেছিভাগেই সমাজৰ পৰা বিচ্ছিন্নকামী মনোভাৱ এটাৰে মানসিক চাপ, ভয়, হতাশাগ্ৰস্ততা, নিদ্ৰাহীনতা, উচ্চ ৰক্তচাপৰ সমস্যা আদিৰে বিভিন্ন শাৰীৰিক- মানসিক প্ৰতিকুল অৱস্থাৰে জীৱনসংগ্ৰাম কৰি গৈছিল।

‘ Centre for Northeast Studies and Policy Research ( CNES) এ কৰা গৱেষণাত পোৱা তথ্যমতে নাগালেণ্ড আৰু অসমত সংঘটিত বিদ্ৰোহ আদিৰ ফলত ‘ Trauma’ ত ভোগা নাৰীৰ বেছিভাগৰে ওপৰত বড়ো সংঘৰ্ষ , বিদেশী বিতাৰণ আন্দোলন আৰু আলফাৰ বিদ্ৰোহৰ প্ৰভাৱেই অধিক।

নাৰীৰ মানসিক জগতত বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে কৰা অধ্যয়নত দুগৰাকী নাৰীৰ বিষয়ে পোৱা তথ্য আছিল এনেধৰণৰ – ‘সুজাতা নিদ্ৰাহীনতাত ভূগিছিল। পৰিয়ালৰ মানুহৰ মৃতদেহ পাৰ হৈ নিৰাপদ ঠাইলৈ অহা সেই দৃশ্যটো সুজাতাই সপোনত দেখি প্ৰায়ে চক খাই উঠিছিল।’ বিচিত্ৰাই সমাজত ডাইনী আখ্যা পাব বুলি ভয় খাইছিল।’

‘ ময়েই কিয়’ ( why me) এই প্ৰশ্নটোৱেই প্ৰতিগৰাকী নিৰ্যাতিত নাৰীৰ মনত ‘ Trauma’ ৰ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে দেখা দিছিল।

গৰ্ভৱতী নাৰীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ’লে তাৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰিছিল; লগতে সন্তান জন্মৰ পিছত পৰা প্ৰভাৱৰ ক্ষেত্ৰতো মাতৃ হিচাপে নাৰীগৰাকী ভুক্তভোগী হৈছিল।

২০২০ চনৰ ২৭ ফ্ৰেব্ৰুৱাৰীত গাড়ীত ৰখা বোমা বিস্ফোৰণত স্বামীক হেৰুওৱা নগাঁৱৰ ত্ৰিবেণী বৰুৱাই কৈছিল,” মোৰ সন্তান অলপ খঙাল হৈ পৰিল। মোৰ ছোৱালীয়ে ক’লা গাড়ীলৈ ঘিণ ভাৱ ৰাখিছিল। কাৰণ বোমা বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখন এখন ক’লা ৰঙৰ গাড়ী আছিল। তদুপৰি সিহঁতে ৰাজনীতিকক বেয়া পাবলৈ আৰম্ভ কৰিছিল আৰু নিউজ চেনেলত নেতাক দেখিলে লগে লগে টিভি অফ্ কৰি দিছিল।”

গতিকে আলফাৰ বিদ্ৰোহে অসমৰ নাৰীৰ শাৰীৰিক অৱস্থাৰ লগতে মানসিক অৱস্থাৰো প্ৰচুৰ ক্ষতিসাধন কৰিছিল। মানসিক চাপ, নিৰাপত্তাহীনতা, অস্তিত্বৰ সংকত , নিদ্ৰাহীনতা, উচ্চ ৰক্তচাপ, উৎকন্ঠা আদি বিভিন্ন সমস্যাৰ লগত যুঁজি সেই সময়ত অসমৰ নাৰীয়ে জীয়েক হিচাপেই হওক নাইবা মাতৃ- পত্নী হিচাপেই হওক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি নিজৰ দায়িত্বসমূহ পালন কৰাৰ বিপৰীতে বহুতে মানসিক ভাৰসাম্যতাও হেৰুৱাই পেলাইছিল।