সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

a ulfa

কুইপৰ কৰ্মচাৰীৰ মুক্তিৰ বাবে সময়সীমা বান্ধি দিলে আলফাই।

অৰুণাচলৰ পৰা অপহৃত দুই কুইপৰ বিষয়াৰ মুক্তিৰ প্ৰসংগত আজি পুনৰ আলফাই এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত আলফাই কুইপৰ কৰ্মচাৰীৰ মুক্তিৰ বাবে সময়সীমা বান্ধি দিছে।

১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ নামৰ কোম্পানীটোৱে আলফাই দাবী কৰা  মুক্তিপণ আদায় নিদিলে কোম্পানীটোৰ বিহাৰৰ অপহৃত বিষয়া ৰাম কুমাৰক ১৭ ফেব্ৰৱাৰীত হত্যা কৰাৰ ভাবুকি দিয়া হৈছে।

  উল্লেখ্য কিছুদিন পূৰ্বে আলফাই ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা প্ৰেৰণ কৰিছিল এক ভিডিঅ’।উক্ত ভিডিঅ’ত  ভিডিঅ’ত কুইপ’ৰ বিষয়াদ্বয় ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে তেওঁলোকৰ মুক্তিৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে অসম তথা বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল।

কুইপ’ৰ বিষয়া দুগৰাকীক ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে অৰুণাচলৰ চাংলাং জিলাৰ পৰা আলফা আৰু এনএচচিএনে অপহৰণ কৰি নিছিল।

এমাহ অতিক্ৰম কৰাৰ পিছতো বিষয়া দুজনৰ মুক্তিৰ বাবে চৰকাৰ তথা কুইপে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে।

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কুইপ’ৰ সৈতে আলোচনা সফল নহ’লে বিষয়া দুগৰাকীৰ বিশেষকৈ বিহাৰৰ বিষয়া ৰাম কুমাৰৰ জীৱনলৈ ভাবুকি নামি আহিব পাৰে বুলি সকিয়াই দিছিল।

বিগত ২০ ডিচেম্বৰত অৰুণাচলৰ ডায়ুনৰ পৰা অপহৃত হৈছিল দুই বিষয়া।