NORTHEAST NOW (Assamese)

বোমাতংকৰ মাজতেই জালুকবাৰীত আটক আলফাৰ লিংকমেন!

August 20, 2024 9:10 am · এন ই নাও নিউজ
Updated: August 20, 2024 9:19 am

১৫ আগষ্টত অসমৰ ১৯ টা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা(স্বা)-এ দাবী কৰাৰ পিছতেই থৰকাছুতি হেৰাইছে আৰক্ষী-প্ৰশাসনৰ। হাতত আলফাৰ তালিকা লৈ বোমা বিচাৰি দিন-ৰাতি একাকাৰ কৰিছে অসম পুলিচে।

ইয়াৰ মাজতে আলফাৰ লিংকমেন হোৱাৰ সন্দেহত কেইবাজনো লোকক আটক কৰিছে আৰক্ষীয়ে। ইতিমধ্যে পৱন দৰ্জী নামৰ এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি জেৰা চলাইছে।

মঙলবাৰে পুৱা লাভ কৰা খবৰ অনু্সৰি পৱন দৰ্জীৰ পিছত এইবাৰ আন  এজন লোকক আলফাৰ লিংকমেন হোৱাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উক্ত ব্যক্তিজনৰ পৰিচয় এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও জালুকবাৰী আৰক্ষী থানাই ব্যক্তিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News