NORTHEAST NOW (Assamese)

কেৱল বিশেষ অঞ্চলৰ প্ৰাৰ্থীকহে নিযুক্তিৰ সুবিধা কিয়? OIL ক সকিয়ালে আলফা(স্বাধীন)এ

July 4, 2021 8:49 pm · এন ই নাও নিউজ

শেহতীয়াকৈ OIL -এ ১২০টা জুনিয়ৰ এছিষ্টেণ্টত পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল উক্ত পদত OIL -এ কেৱল কেইখন মান নিৰ্দিষ্ট স্থানৰ প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব বুলি কৈছে।

এই কথাকলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আব্যাহত আছে।OIL ৰ উক্ত পদৰ বাবে অনলাইনত আবেদন জমা দিয়াৰ প্ৰক্ৰিয়া যোৱা ১ জুলাইৰ পৰা আৰম্ভ হৈছে।এই আবেদন প্ৰক্ৰিয়া চলিব ১৫ আগষ্ট ২০২১লৈ।

লক্ষ্যণীয় কথাটো হ’ল OIL-এ কেৱল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচলৰ চাংলাংৰ প্ৰাৰ্থীয়েহে উক্ত পদৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছিল।

বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে আলফা স্বাধীনেও আজি এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অইল ইণ্ডিয়াক সকীয়াই দিছে।

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ অসম স্বাক্ষৰিত এক বিবৃতিত এই বুলি কোৱা হৈছে যে OIL-এ চাকৰি প্ৰদানৰ ক্ষেত্ৰত কেৱল চাৰি খন জিলাৰ প্ৰাৰ্থীক অগ্ৰধিকাৰ দিয়াৰ পৰিৱৰ্তে আৰ্থিক দৈন্যতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃত চাকৰিৰ প্ৰয়োজন থকা প্ৰাথীক অগ্ৰাধিকাৰ দিব লাগিব।

অসমৰ উদ্যোগ-প্ৰতিষ্ঠানত প্ৰতিগৰাকী থলগিৰি জনতাৰ চাকৰি আৰু অন্যান্য সা-সুবিধা ভোগ কৰাৰ অধিকাৰ আছে বুলিও বিবৃতিটোত কোৱা হৈছে।বিবৃতিটোত OIL ক তেলীৰ মূৰত তেল দিয়াৰ নীতি পৰিহাৰ কৰিবলৈ সকিয়াই দিয়া হৈছে।

Related News