NORTHEAST NOW (Assamese)

৩১ অক্টোবৰলৈকে ভক্তৰ বাবে খুলি দিয়া নহয় উমানন্দ দেৱালয়

September 28, 2020 7:20 pm · এন ই নাও নিউজ

গুৱাহাটীৰ উমানন্দ দেৱালয় দৰ্শন কৰিম বুলি ভাবি থকা ভক্তসকলৰ বাবে বেয়া খবৰ। কিয়নো অহা ৩১ অক্টোবৰলৈ বন্ধ থাকিব ঐতিহাসিক উমানন্দ দেৱালয়।

প্ৰসিদ্ধ দেৱালয়খনৰ মেনেজিং সমিতিৰ সম্পাদক অনিল কুমাৰ ভট্টচাৰ্যই আজি এই কথা জানিবলৈ দিয়ে।

মহামাৰী ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেৱালয়খন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা বুলি ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তেওঁ লগতে জানিবলৈ দি কয় যে তীব্ৰ হাৰত ক’ৰ’নাৰ সংক্ৰমণ আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে দেৱালয়ৰ দুৱাৰ ৩১ অক্টোবৰলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ইফালে, ৩১ অক্টোবৰৰ পিছত ভক্তৰ বাবে দেৱালয়ৰ দুৱাৰ খুলি দিয়া হ’বনে নহয় সেয়া পৰৱৰ্তী সময়ত জনোৱা হ’ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত অৱস্থিত উমানন্দ দেৱালয় হৈছে ভগৱান শিৱৰ মন্দিৰ। য’ত আৰাধনাৰ বাবে বছৰেকত লাখ লাখ ভক্তৰ সমাগম ঘটে।

Related News