এন আৰ চি, ঘোষিত বিদেশী সন্দৰ্ভত পুনৰ ৰাষ্ট্ৰসংঘৰ পত্ৰ: ভাৰত চৰকাৰৰ পৰা বিচাৰিলে উত্তৰ

United_Nations_Day2012_freecomputerdesktopwallpaper_1920-1024x606

অসমৰ ডিটেনশ্যন কেম্পত বন্দী জীৱন কটোৱা বিদেশীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। ৰাজ্যখনত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তোলাৰ বাবে অসম চৰকাৰে ডিটেনশ্যন কেম্পৰ সংখ্যা বৃদ্ধি কৰিবলৈ লোৱাৰ পাছতেই ৰাষ্ট্ৰসংঘৰ চাৰিজনীয়া বিশেষ প্ৰতিবেদকে ভাৰত চৰকাৰৰ পৰা ডিটেনশ্যন কেম্পৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত বিশেষ প্ৰতিবেদকে (স্পেচিয়েল ৰেপ’ৰ্টাৰ) যোৱা ২৭ মে’ত এখন প্ৰতিবেদন প্ৰেৰণ কৰিছে য’ত কেন্দ্ৰীয় চৰকাৰৰ পৰা বিদেশী ন্যায়াধীকৰণে ঘোষণা কৰা বিদেশীৰ তথ্য বিচাৰিছে। প্ৰতিবেদনখনত লগতে অসমৰ ৬টা ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটোৱা বিদেশী আৰু তেওঁলোকে কটোৱা বন্দীত্বৰ সময় সন্দৰ্ভতো ভাৰত চৰকাৰৰ পৰা তথ্য বিচাৰিছে।

তদুপৰি, তেওঁলোকে ২০১৯চনৰ ১ জানুৱাৰিলৈকে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু হোৱা সন্দেহজনক বিদেশীৰ তথ্যও বিচাৰিছে। পত্ৰখনত ইতিমধ্যে বিতাড়ন কৰা বিদেশীৰ তথ্যও বিচৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, পত্ৰখনত বিদেশী ন্যায়াধীকৰণত কি তথ্য প্ৰমানৰ ভিত্তিত গোচৰ ৰুজু কৰা হয় সেয়া জানিব বিচৰাৰ লগতে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু কৰাসকলৰ ধৰ্ম সন্দৰ্ভতো তথ্য বিচৰা হৈছে।

আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বাদ পৰা নাগৰিকৰ দাবী-আপত্তি মীমাংসাৰ ক্ষেত্ৰত আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনক সন্মুখত ভাৰত চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছেনেতাৰ নিশ্চয়তা বিচাৰিছে পত্ৰখনত।

পত্ৰখনত তেওঁলোকে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত যাতে কোনো লোকৰ মানৱ অধিকাৰ উলংঘন নহয় তথা ৰাষ্ট্ৰহীন হৈ নপৰে সেই সন্দৰ্ভত বাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও সৱিশেষ বিচাৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুবাৰকৈ ৰাষ্ট্ৰসংঘৰ চাৰিজন বিশেষ প্ৰতিবেদকে ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও তেওঁলোকে ইয়াৰ কোনো সঁহাৰি পোৱা নাছিল।