• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰৰ সামৰিক অভ্যুত্থান : ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ জুৰুৰী বৈঠক; কি ক’লে বিশ্ব সম্প্ৰদায়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 4:01 pm
71937-ntmtucqukf-1508863484
343
VIEWS
Share on FacebookShare on Twitter

যোৱা সোমবাৰে ম্যানমানৰ সেনাই দেশখনৰ ক্ষমতা বলপূৰ্বকভাৱে হস্তগত কৰাৰ পিছতে বিশ্ব সম্প্ৰদায়ে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতকালৈ উদ্বিগ্ন হৈ পৰিছে।

দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত নতুনকৈ পোখা মেলা গণতন্ত্ৰৰ যাতে মৃত্যু নহয় তাৰবাবে বিশ্ব সম্প্ৰদায়ে ঐক্যৱদ্ধ প্ৰচেষ্টাৰে সামৰিক জুণ্টা প্ৰশাসনক বাধ্য কৰিবলৈ মন্ত্ৰণা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ম্যানমাৰত গণতন্ত্ৰ ৰক্ষা তথা ৰাজনৈতিক অস্থিৰতাক উপশম কৰাৰ বাবে ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠক তলৱ কৰিছে।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্ট’নিঅ’ গুটেৰেচে ম্যানমাৰৰ সমাৰিক অভ্যুত্থানক গণতন্ত্ৰৰ ওপৰত ‘ভীষণ আঘাত’ বুলি মন্তব্য কৰিছে।

ইফালে ৰাষ্ট্ৰ সংঘৰ ব্ৰিটেইনৰ দূত বাৰবাৰ উডৱাৰ্ডে যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ সাধাৰণ নিৰ্বাচনক বৈধ বুলি ঘোষণা কৰি জুণ্টা প্ৰশাসনক তীব্ৰ নিন্দা কৰিছে।

উল্লেখ্য উক্ত নিৰ্বাচনত ম্যানমাৰৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ নেত্ৰী আং চু ক্যি দলে নিৰংকুশ সংখ্যাঘৰিষ্ঠতা লাভ কৰিলেও জুণ্টাই এই নিৰ্বাচনত জালিয়াতি হোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল।

আনহাতে লণ্ডনে জুণ্টা প্ৰশাসনৰ কৱলৰ পৰা অতি শীঘ্ৰেই নেত্ৰী আং চু ক্যিক মুকলি কৰিবলৈ চেষ্টা চলাব বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে সোমবাৰে জুণ্টাই দেশৰ ক্ষমতা বলপূৰ্বকভাৱে হস্তগত কৰাৰ পিছৰে পৰা পাহাৰীয়া দেশখনত ফোন আৰু ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

ইয়াৰ ফলত ম্যানমাৰত থকা ৰাষ্ট্ৰ সংঘৰ কোনো বিষয়াৰ সৈতে যোগাযোগ সম্ভৱ হোৱা নাই বুলি জনাইছে ৰাষ্ট্ৰ সংঘৰ প্ৰতিনিধি স্তিফানি দুজাৰিকে।

উল্লেখ্য যে ম্যানমাৰত জুণ্টাই ক্ষমতা দখল কৰাৰ পিছতে দেশখনৰ ৰাখাইল প্ৰদেশত বাস কৰা ৰোহিংগাসকলৰ জীৱনলৈ আৰু অধিক ভাবুকি আহি পৰিব বুলি শংকা কৰিছে বিশ্ব সম্প্ৰদায়ে।

Recent News

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd