ইজৰাইলৰ অবিৰাম সামৰিক অভিযানে গাজা ষ্ট্ৰিপক ধ্বংসস্তূপত পৰিণত কৰিছে, আৰু ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বাঢ়িছে। চৰম খাদ্য সংকটৰ মাজত ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি কৈছে যে, পৰ্যাপ্ত মানৱীয় সাহায্য নাপালে আগন্তুক ৪৮ ঘণ্টাত গাজাত ১৪ হাজাৰ শিশুৰ মৃত্যু হ’ব পাৰে। দেওবাৰে ইজৰাইলে গাজালৈ সীমিত পৰিমাণৰ খাদ্য আৰু সাহায্য পঠোৱাৰ কথা ঘোষণা কৰিছিল, আৰু সোমবাৰে মাত্ৰ পাঁচখন সাহায্যৰ ট্ৰাকৰ প্ৰৱেশৰ অনুমতি দিয়ে। কিন্তু ৰাষ্ট্ৰসংঘৰ মানৱীয় মুৰব্বী টম ফ্লেচাৰৰ মতে, ২১ লাখ লোকৰ বাবে, য’ত প্ৰায় আধা শিশু, এই সাহায্য সাগৰত এক টোপাল ৰ দৰে, যিয়ে প্ৰকৃত প্ৰয়োজন পূৰণ কৰিব নোৱাৰে।
ফ্লেচাৰে বিবিচিত প্ৰদান কৰা তথ্য অনুসৰি গাজাত এতিয়া অধিক মানৱীয় সাহায্যৰ প্ৰয়োজন। যদিও সাহায্য পঠিওৱাৰ চেষ্টা চলিছে, সীমান্তত বাধাৰ ফলত এই সামগ্ৰী জনসাধাৰণৰ হাতলৈ পৰ্যাপ্তভাৱে প্ৰেৰণ কৰাত ব্যৰ্থ। আছে, কিন্তু সময়মতে সাহাৰ্য লাভ নকৰিলে হাজাৰ হাজাৰ শিশুৰ জীৱন বিপন্ন হ’ব। ফ্লেচাৰে কয়, তেওঁলোকে ১০০ খন ট্ৰাক পঠাবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰতিবাৰেই বাধাৰ সন্মুখীন হৈছে। ইফালে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা ইজৰাইলৰ ওপৰত অভিযান বন্ধ আৰু সাহায্যৰ প্ৰৱেশৰ অনুমতিৰ বাবে হেঁচা বাঢ়িছে। ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাই সতৰ্ক কৰি কৈছে যে, এই নিষেধাজ্ঞা আঁতৰোৱা নহ’লে কঠোৰ ব্যৱস্থা ল’ব।
কিন্তু সাহায্যৰ প্ৰতিশ্ৰুতি সত্ত্বেও, হামাছৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযান অব্যাহত আছে। চিকিৎসকৰ মতে, সাম্প্ৰতিক বিমান আক্ৰমণত মাত্ৰ আধা ঘণ্টাত ৩৮ জন পেলেষ্টাইনীৰ মৃত্যু হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয়দী চুক্তিৰ বাবে হামাছৰ সন্মতি নাপালে আক্ৰমণ তীব্ৰতৰ হ’ব বুলি সতৰ্ক কৰিছে। উল্লেখ্য যে ২০২৩ চনৰ ৭ ছেপ্টেম্বৰৰ হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলে এই অভিযান আৰম্ভ কৰিছিল। ২০২৫ চনৰ ১৫ জানুৱাৰীত কাটাৰ, আমেৰিকা আৰু ইজিপ্তৰ মধ্যস্থতাত অস্থায়ী যুদ্ধবিৰতি হৈছিল, কিন্তু মাৰ্চত তাৰ ম্যাদ শেষ হোৱাৰ পিছত ইজৰাইলে পুনৰ আক্ৰমণ আৰু সাহায্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে, যাৰ ফলত গাজাৰ মানৱীয় সংকট ভয়াৱহ হৈ পৰিছে।