মৰ্মান্তিক! ঋণ পৰিশোধ কৰিব নোৱাৰি ধুবুৰীত নিজকে জ্বলাই আত্মহত্যা কৰিলে পতি-পত্নীয়ে

Story-3-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

সময়মতে ঋণৰ কিস্তি আদায় দিব নোৱাৰি ধুবুৰীৰ কনক নাথ নামৰ ব্যক্তিজনে তেওঁৰ পত্নী মাজনী নাথৰ সৈতে আত্মহত্যাৰ পথ বাচি লয়।

ধুবুৰীৰ বিলাসীপাৰাৰ বাসিন্দা কনক নাথে অলপতে তেওঁৰ পৰিয়াল চলাবলৈ অলপতে এখন টেম্প’ ক্ৰয় কৰিছিল।

আনহাতে, কোভিড-১৯ৰ বাবে দিয়া লকডাউনৰ ফলত নাথে বাহিৰলৈ ওলাব নোৱাৰি সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ টকা উপাৰ্জন কৰিব নোৱাৰিলে।

অৱশেষত কোনো উপায় নেদেখি পতি-পত্নী যুগলে আত্মহত্যাৰ পথ বাচি লোৱাৰ সিদ্ধান্ত লৈ শুকুৰবাৰে নিজেই শৰীৰত জুই জ্বলাই দিয়াৰ ফলত দুয়োজনে বেয়াকৈ অগ্নিদগ্ধ হৈ পৰে।

চুবুৰীয়া লোকে দুয়োজনকে ততাতয়াকৈ হাস্পাতলত ভৰ্তি কৰায় যদিও শনিবাৰে দুয়োজনে হাস্পাতলত মৃত্যুক সাৱটি লয়।

মৃত্যুৰ সময়ত তেওঁলোকে এটি শিশু কন্যা সন্তান এৰি গৈছে।

এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।