পঞ্চায়ত নিৰ্বাচন : উচ্চ ন্যায়ালয়ে দিয়া সময়সীমা পুনৰ বৃদ্ধিৰ আৱেদন কৰিব চৰকাৰে

Assam-gram-panchayat-election

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ ছেপ্তেম্বৰ সময়সীমা বান্ধি দিছিল যদিও সেইমতে যে নিৰ্বাচন অনুষ্ঠিত নহ’ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

কিন্তু এই পঞ্চায়ত নিৰ্বাচন কেতিয়ালৈ অনুষ্ঠিত হ’ব সেই বিষয়েও একো স্পষ্টতা এতিয়ালৈকে সন্মুখলৈ অহা নাই।

উল্লেখযোগ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত ৰাজ্যৰ ৫০ হাজাৰতকৈও অধিক বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ থকা বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ কথা পূৰ্বে অসম চৰকাৰে প্ৰকাশ কৰিছিল। আৰু এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়কো জনাইছিল চৰকাৰে। এই পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰক সময়সীমা বান্ধি দিছিল।

কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো পঞ্চায়ত নিৰ্বাচন কেতিয়ালৈ অনুষ্ঠিত কৰিব পাৰিব সেই বিষয়ত এতিয়াও ক’ব পৰা নাই অসম চৰকাৰে। স্বয়ং পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব ড০ জে বি এক্কাৰ ভাষ্যত প্ৰকাশ পাইছে এই কথা।

নৰ্থ-ইষ্ট নাওৰ আগত তেওঁ কয়, “এন আৰ চিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল কেতিয়া সেই কামৰ পৰা আজৰি হ’ব এতিয়াও এন আৰ চি কৰ্তৃপক্ষই আমাক জনোৱা নাই। তেওঁলোক আজৰি নহ’লে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিষয়া-কৰ্মচাৰী পৰ্যাপ্ত নাই।”

ইপিনে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পালে যদিও এতিয়াও বাকী আছে ওজৰ-আপত্তি নিষ্পত্তি আৰু শুধৰণিৰ কাম। গতিকে এন আৰ চিৰ কামসমূহ কেতিয়ালৈ শেষ হ’ব তাৰো পূৰ্বানুমান সম্ভৱ নহয় এই সময়ত। গতিকে এন আৰ চিৰ কামৰ বাবেই ৰাজ্যত কিমান দিনলৈ নতুন পঞ্চায়ত গঠন নোহোৱাকৈ থাকিব সেই প্ৰশ্নৰো অৱতাৰণা হৈছে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত ১৫ ছেপ্তেম্বৰৰ ভিতৰত যে অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে এই বিষয়ত উচ্চ ন্যায়ালয়ক ৰাজ্য চৰকাৰে অৱগত কৰিব বুলি ড০ জে বি এক্কাই জানিবলৈ দিয়ে।

ইপিনে, এন আৰ চিৰ কামৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাটো এটা অজুহাত আখ্যা দিছে বিৰোধী দল কংগ্ৰেছে। এই সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই কয়, “সমগ্ৰ ৰাজ্যৰ তিনি কোটিককৈ অধিক লোকৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যিমান সংখ্যক বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল এতিয়া খচৰাৰ বাদ পৰা প্ৰায় ৪০ লাখ মানুহৰ বাবেতো সেই একেই সংখ্যক বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজন নহয়। এতিয়া নিশ্চয় তাতকৈ কম মানুহৰ প্ৰয়োজন হ’ব। আচলতে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিজেপি চৰকাৰৰ সাহস আৰু সামৰ্থ্য নাই। এতিয়া পঞ্চায়ত নিৰ্বাচন পাতিলে তেওঁলোকৰ ফলাফল কি হ’ব তেওঁলোকে জানেই।”

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰা বিষয়টো অগণতান্ত্ৰিক বুলিও কয় অপূৰ্ব ভট্টাচাৰ্যই। তেওঁ কয় যে গাঁৱৰ উন্নয়নৰ বাবে আৱণ্টিত ধন পঞ্চায়তৰ জৰিয়তেহে গাঁওসভাৰহে খৰচ কৰাৰ অধিকাৰ থাকে কিন্তু এতিয়া চৰকাৰে বিধায়ক আৰু বিষয়াৰ জৰিয়তে পঞ্চায়তৰ কাম চলোৱাৰ চেষ্টা চলাই আছে।

পঞ্চায়ত নিৰ্বাচন সোনকালে অনুষ্ঠিত হোৱাটো বিচাৰে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদেও। অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয়, “গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে পঞ্চায়ত নিৰ্বাচন সোনকালে অনুষ্ঠিত হোৱাটো অতি জৰুৰী। চৰকাৰে নিৰ্বাচনৰ বাবে সাজুও হৈছিল। কিন্তু এতিয়া এন আৰ চিৰ কামৰ বাবেই অসুবিধা আহি গ’ল।”

অৱশ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি আশাবাদী মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা।