CHESS অনুৰ্দ্ধ-৭ আৰু অনুৰ্দ্ধ-১১ বছৰ দবা প্ৰতিযোগিতাত ধান্যতা গোস্বামী, অথৰ্ৱ মহন্ত চেম্পিয়ন

Guwahati: গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা অনুৰ্দ্ধ ৭ আৰু অনুৰ্দ্ধ ১১ বছৰ দবা প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ৭বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে।

পাৰ্থিৱ শংকৰছানাই ৪.৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। প্ৰহৰ্ষ চৌধুৰীয়ে ৩.৫ অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে। শ্বানায়া ভৌমিক আৰু আৰাধ্যা বক্সীয়ে ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত শ্বানায়াক চতুৰ্থ আৰু আৰধ্যাক পঞ্চম ঘোষণা কৰা হয়।

অনুৰ্দ্ধ ১১ বছৰ শাখাত অথৰ্ৱ মহন্তই ৬ ৰাউণ্ডৰ পৰা ৫.৫ অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। নীহাৰ দাসে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। স্বপ্নীল কৰে ৪.৫ অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে। হৃয়ান কৌশিক ঠাকুৰীয়া আৰু ভিভান আৰিজ ঠাকুৰীয়াই ৪ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত হৃয়ানক পঞ্চম আৰ ভিভানক ৬ষষ্ঠ ঘোষণা কৰা হয়।

প্ৰতিযোগিতা খন ৩ জুনৰ পৰা ৫ জুন,২০২২ লৈ আৰ জি বৰুৱা পথত অৱষ্ঠিত গুৱাহাটী দবাএকাদেমীত অনুষ্ঠিত হৈছিল। অনুৰ্দ্ধ ৭ আৰু অনুৰ্দ্ধ ১১ বছৰ দুয়োটা শাখাত মূঠ ২২ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। ৰাস্ত্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য পৰিচালক হিচাপে প্ৰতিযোগিতা খন পৰিচালনা কৰিছিল।