১৫ ডিচেম্বৰৰ পৰা বাডুংডুপ্পাৰ ‘আণ্ডাৰ দ্য শাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল’, চাওক সস্পূৰ্ণ সূচী

অহা ১৫ পৰা ১৭ ডিচেম্বৰলৈ বাডুংডুপ্পা কলাকেন্দ্ৰৰ ‘আণ্ডাৰ দ্য শাল ট্ৰি’ থিয়েটাৰ মহোৎসৱ আৰম্ভ হ’ব। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাডুংডুপ্পা কলা কেন্দ্ৰৰ শালনী বাৰীৰ অনুপম প্ৰকৃতিৰ মাজত তিনিদিনীয়াকৈ অনুষ্ঠিত আৰম্ভ হ’ব এই থিয়েটাৰ মহোৎসৱখনি।  

উল্লেখ্য, বিগত তেৰ বছৰ ধৰি বাডুংজডুপ্পা কলাকেন্দ্ৰই অনুপম প্ৰকৃতিৰ মাজৰ শাল গছৰ তলৰ মুকলি মঞ্চত এই নাট্য মহোৎসৱখনি আয়োজন কৰি আহিছে। 

এই নাট্য মহোৎসৱত শালনীৰ মাজৰ গাছৰ তলত বাঁহেৰে নিৰ্মাণ কৰা গেলাৰীৰ সন্মুখত খেৰৰ অস্থায়ী বেৰা দি তৈয়াৰ কৰা মাটিৰ মঞ্চত কোনো কৃত্ৰিম পোহৰ, শব্দ, মাইক্ৰফ’ন আদিৰ অবিহনে অভিনেতাসকলে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নাট পৰিৱেশন কৰে।

কোভিড কালক বাদ দি প্ৰতি বছৰে নাট্য মহোৎসৱটিলৈ দেশ বিদেশৰ নাট্য দলে নাট পৰিৱেশনৰ বাবে আহে। অৱশ্যে এইবাৰ আৰ্থিক নাটনিৰ বাবে বিদেশৰ নাট্য দলে অংশগ্ৰহণ নকৰে বুলি আয়োজকে জানিবলৈ দিছে।

অৱশ্যে আৰ্থিক নাটনিৰ মাজতো বাডুংডুপ্পা কলাকেন্দ্ৰই এইবাৰ অসমকে ধৰি পশ্চিমবংগ, ছত্তীশগড় আৰু ত্ৰিপুৰাৰ পাঁচখন নাটক মঞ্চস্থ কৰিব বুলি প্ৰকাশ কৰিছে।   

“আৰ্থিক অভাৱত ‘অণ্ডাৰ দ্য ছাল ট্ৰি‘ নাট্য মহোৎসৱৰ চতুৰ্দশ সংস্কৰণ পূৰ্বতকৈ সৰু পৰিসৰত মঞ্চস্থ কৰা হ’ব, য’ত অসম, পশ্চিমবংগ, ত্ৰিপুৰা, আৰু ছত্তীশগড়ৰ পাঁচটা নাট্য দলৰ পাঁচখন নাটক প্ৰদৰ্শন কৰা হ’ব।’-এজন এইদৰে আয়োজকে কয়।

১৫ ডিচেম্বৰত পুৱা ৯.৩০ বজাত উদ্বোধনী অনুষ্ঠানৰ পিছতে পুৱা ১০ বজাত গোৱালপাৰাৰ ৰাভা ভাষাৰ ‘মদাইয়া মুছি’ নাটেৰে এইবাৰ মহোৎসৱখনি আৰম্ভ হ’ব। ইয়াৰ পাছতে বিয়লি ২.৩০ বজাত মঞ্চস্থ কৰা হ’ব ত্ৰিপুৰাৰ বাংলা ভাষাৰ নাটক ‘সৃজন হ’বে কাবে’ নাটখনি। আৰু সন্ধিয়া ৬ বজাৰ পৰা দিনটোৰ নাট্যানুষ্ঠানৰ পৰ্যালোচনামূলক অনুষ্ঠান আৰম্ভ হ’ব, য’ত নাট্য শিল্পী, পৰিচালকৰ লগতে দৰ্শসকলেও অংশগ্ৰহণ কৰিব।

 

আণ্ডাৰ দ্য শাল ট্ৰি ২০২৩ (থিয়েটাৰ ফেষ্টিভেল)ৰ সম্পূৰ্ণ সূচী

১৬ ডিচেম্বৰৰ পুৱা ১০ বজাত মঞ্চস্থ কৰা হ’ব পশ্চিমবংগৰ বাংলা ভাষাৰ ‘পালা কুন্তলা’ নামৰ নাটখনি। বিয়লি ২.৩০ বজাত পৰিৱেশন কৰা হ’ব অসমীয়া ভাষাৰ ‘ৰত্নাকৰ’ নাটখন। সন্ধিয়া ৬ বজাৰ পৰা দিনটোৰ নাট্যানুষ্ঠানৰ পৰ্যালোচনামূলক অনুষ্ঠান আৰম্ভ হ’ব।

১৭ ডিচেম্বৰত ছত্তীগড়ৰ পৰা অহা নয়া থিয়েটাৰে ছত্তীগড়ী আৰু হিন্দী ভাষাত হাবিব তনবীৰৰ বিখ্যাত নাটক ‘চৰণদাস চোৰ’ পৰিৱেশন কৰিব। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব সামৰণী অনুষ্ঠান।

উল্লেখ্য, আয়োজক বাডুংডুপ্পা কলাকেন্দ্ৰই দূৰণীয়াবটীয়া দৰ্শক তথা অতিথিৰ বাবে খেৰ আৰু বাঁহেৰে অতি আটকধুনীয়াকৈ অতিথিৰ আশ্ৰয় গৃহ নিৰ্মাণ কৰিছে।