১৫ ডিচেম্বৰৰ পৰা ‘বাদুংদুপ্পা’ কলাকেন্দ্ৰৰ শালনিবাৰীত ‘আণ্ডাৰ দ্য ছাল ট্ৰী’

প্ৰথমবাৰৰ বাবে শুক্ৰাচাৰ্য ৰাভাৰ অনুপস্থিতিত অনুষ্ঠিত হ'ব ‘আণ্ডাৰ দ্যা ছাল ট্ৰী' নাট মহোৎসৱ

Under the sal tree

ফটো : নৰ্থ-ইষ্ট নাও

আকৌ প্ৰাণ পাই উঠিছে শালনিবাৰী। সৰু সৰু জুপুৰিবোৰ পুনৰ মূৰ দাঙি উঠিছে। শালনিবাৰীৰ একোণত শুই আছে প্ৰকৃতিৰ মাজত নাটক পৰিৱেশন কৰাৰ অনন্য উদাহৰণ দাঙি ধৰা ‘আণ্ডাৰ দ্য ছাল ট্ৰী’ ৰ স্বপ্নদ্ৰষ্টা শুক্ৰাচাৰ্য ৰাভা।

২০০৮ চনত ৰামপুৰৰ শালনীবাৰীত নাটক পৰিৱেশনৰ ধাৰণাক নতুন ৰূপ দিয়া বিশিষ্ট নাট্যকাৰ, পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ যোৱা ৮ জুনত আকস্মিক বিয়োগ হৈছিল। তেওঁৰ অবৰ্তমানত তেওঁৰ সপোনৰ এই নাট্য উৎসৱক সাকাৰ ৰূপ দিবলৈ দিনে-নিশাই বুকুৰ একোণত হুমুনিয়াহ লৈ বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিয়ালে নেৰানেপেৰা চেষ্টাত পুনৰ প্ৰাণ পাই উঠিছে ‘আণ্ডাৰ দ্য ছাল ট্ৰী’ নাট মহোৎসৱ।

অহা ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই নাট মহোৎসৱ। কলাকেন্দ্ৰৰ পৰিয়ালে এইবাৰ শুক্ৰাচাৰ্য ৰাভাৰ অনুপস্থিতিত তেওঁৰ সপোনৰ এই নাট মহোৎসৱ আয়োজনৰ ক্ষেত্ৰত আৰ্থিকৰ লগতে বিভিন্ন সমস্যাৰো সন্মুখীন হ’বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। কিন্তু তাৰ মাজতো বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি শুক্ৰাচাৰ্য ৰাভাৰ এই সপোনৰ নাট্য উৎসৱ আয়োজন কৰাৰ বাবে বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিয়ালে যথেষ্ট কষ্ট কৰা বুলি বাদুংদুপ্পা কলাকেন্দ্ৰৰ বিষয়ববীয়া মদন ৰাভাই প্ৰকাশ কৰে।

তেওঁ কয় যে শুক্ৰাচাৰ্য ৰাভাৰ সপোন আৰু সংকল্পক আগুৱাই নিয়াৰ বাবে বাদুংদুপ্পা কলাকেন্দ্ৰৰ প্ৰতিগৰাকী সদস্য দৃঢ় প্ৰতিজ্ঞ।

ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে এইবাৰ নাট উৎসৱত বাংলাদেশ, ওড়িশা, পুনে, লক্ষ্নৌ আৰু মণিপুৰৰ নাট্যদলে নাট প্ৰদৰ্শন কৰিব। ১৫ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত নাট উৎসৱ উদ্বোধন কৰিব জে এন য়ুৰ অধ্যাপক এইচ এছ শিৱপ্ৰকাশে।

আনহাতে উদ্বোধনী নাটক হিচাপে পুৱা ১০ বজাত শুক্ৰাচাৰ্য ৰাভাই শেষবাৰৰ বাবে ৰচনা আৰু পৰিচালনা কৰা ‘ছনছ অব্ আৰ্থ মাডাৰ’(ৰাভা) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ’ব। নাটকখনৰ সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰিছে ধনঞ্জয় ৰাভাই।

বিয়লি তিনি বজাত ভুৱনেশ্বৰৰ নাট্য চেতনা দলৰ ‘নুৱা’ ওড়িয়া নাট আৰু সন্ধিয়া ৫.৩০ বজাত পুনেৰ এ বাইকা এণ্ড কোম্পানীৰ হিন্দী ভাষাৰ ‘মনছা কী ছাদী’ শীৰ্ষক একক অভিনয়ৰ নাট প্ৰদৰ্শন কৰা হ’ব।

১৬ ডিচেম্বৰৰ  পুৱা ১০ বজাত আখোকা নাট্য দলৰ ‘ব্লেক এণ্ড ৱাইট’ (মেইটেই) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ’ব।  বিয়লি তিনি বজাত জিৰছং থিয়েটাৰৰ অসমীয়া নাটক ‘বাঘ’আৰু সন্ধিয়া ৫.৩০ বজাত বাংলাদেশৰ পদাতিক নাট্য সংসদ নাট্য দলৰ বাংলা ভাষাৰ ‘গহন যাত্ৰা’ শীৰ্ষক একক অভিনয়ৰ নাট প্ৰদৰ্শন কৰা হ’ব।

ইয়াৰ উপৰি ১৭ ডিচেম্বৰৰ পুৱাা ১০ বজাত মণিপুৰৰ কলাক্ষেত্ৰ মণিপুৰ নাট্য দলৰ ‘পিবেট’ (মেইটেই) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ’ব। বিয়লি তিনি বজাত নাট্য উৎসৱৰ সামৰণি নাট লক্ষ্নৌৰ নিপা ৰংগমণ্ডলী নাট্য দলে ‘ভাগভাদা জুখীয়াম’(হিন্দী) শীৰ্ষক নাটখন প্ৰদৰ্শন কৰিব বুলি আয়োজকে জনায়।