১২ লাখ নিবনুৱা আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা আবেদন মাচুলে টনকিয়াল কৰিলে ৰাজভঁৰাল!

চকু কপালত উঠিব আপোনাৰ! ৰাজ্যত কিমান আছে নিবনুৱা? সেই কথা আমি বাদ দিছো। কিন্তু চাকৰি প্ৰত্যাশীৰ পৰা চাকৰি দিয়াৰ নামত তামোল এখনো নোখোৱা চৰকাৰৰ ৰাজকোষলৈ নিবনুৱাৰ পৰা গ’ল কোটিৰ ঘৰত ধন। সেইটোহে এক আচৰিত হ’বলগীয়া কথা।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ বিপৰীতে মুঠ আবেদনকাৰীৰ সংখ্যা ১১, ৯২,৫০৯ গৰাকী। সুত্ৰ অনুসৰি তৃতীয় বৰ্গৰ পদত মুঠ ৬,৭১,৮০৫ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে। তদুপৰি চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫ গৰাকীয়ে। আনহাতে তৃতীয় বৰ্গৰ অন্তৰ্গত গাড়ীচালক পদৰ বাবে আবেদন কৰিছে আন ৭৭,০৪৯জন চাকৰি প্ৰত্যাশীয়ে।

প্ৰশ্ন হৈছে, এইসকল নিবনুৱা আবেদনকাৰীৰ পৰা কিমান মাছুল সংগ্ৰহ কৰিলে বিজেপি চৰকাৰে?
এইক্ষেত্ৰত আমি কৰা এক থুল-মূল হিচাপ পাঠক ৰাইজলৈ আগবঢ়াইছো।

যদি আবেদনকাৰীৰ মাছুল সৰ্বোচ্ছ ৩৫০ টকা ধৰা হয়! তেন্তে ১১,৯২,৫০৯ গৰাকী আবেদনকাৰীৰ পৰা সংগ্ৰহ মুঠ ৪১,৭৩,৭৮,১৫০ টকা।

তাতে আকৌ তৃতীয় বৰ্গৰ আকৌ চাৰিটা ভাগ(পদ)। তৃতীয় বৰ্গৰ আবেদনকাৰীৰ সংখ্যা ৬,৭১,৮০৫।
যদি আবেদনকাৰীয়ে চাৰিটা ভাগত আবেদন কৰে তেন্তে এগৰাকী আবেদনকাৰীয়ে বহন কৰিব লাগিব ১৪০০ টকা।
যদি এগৰাকীয়ে ১৪০০ টকা আবেনৰ মাছুল বহন কৰে তেন্তে ৬,৭১,৮০৫ গৰাকী আবেদনকাৰীৰ পৰা ৰাজকোষত জমা হ’ব ৯৪০৫২৭০০০ টকা (আনুমানিক)।

ঠিক সেইদৰে চতুৰ্থ বৰ্গৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫ গৰাকীয়ে।

চতুৰ্থ বৰ্গৰ দুটা ভাগ (পদ)। যদি আবেদনকাৰীয়ে দুয়োটা ভাগত আবেদন কৰে তেন্তে আবেদনৰ মাছুল বহন কৰিব লাগিব সৰ্বোচ্ছ ৪০০ টকা।

যদি ৪,৪৩,৬৫৫ গৰাকীয়ে ৪০০ টকাকৈ আবেদন মাছুল বহন কৰিলে ৰাজকোষত জমা হ’ব মুঠ ১৭৭,৪৬২,০০০ টকা।
এই হিচাপ ধৰিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আবেদনকাৰীৰ পৰা ৰাজকোষত জমা হ’ব ১,১১৭,৯৮৯,০০০ টকা।
তামোল এখনো নোখোৱাকৈ চাকৰি দিম বুলি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিলে প্ৰায় ১,১১৭,৯৮৯,০০০ টকা!

চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছে কিছুসংখ্যক নিবনুৱা যুৱক যুৱতীয়ে। মৃন্ময় কলিতাই ফেচবুকযোগে চৰকাৰলৈ অনুৰোধ জনাই লিখিছে চৰকাৰে স্বচ্ছ ভাৱে নিযুক্তি দিছে ১১ টা বিভাগত তাত কোনো সন্দেহ নাই কিন্তু এই যে আৱেদনৰ নামত ইমান ইমান টকা লৈ , অদৰকাৰী কিছুমান বস্তুত খৰচ কৰে সেইবোৰ দেখিয়ে বেয়া লাগে , শুনিছো অৰুনোদয় আঁচনিত হেনো আকৌ ২০০ টকাকৈ বঢ়ায় দিব আৰু ল’ৰাকো বুলেট দিব আৰু যি টি বহুত আছে ..! অনুগ্ৰহ কৰি আমাক এটা উচিত মুল্য লৈ আৱেদন কৰাৰ সুবিধা প্ৰদান কৰি আৰু অলপ পূণ্য কৰে , এইয়া অনুৰোধ আপোনাক ভাল পোৱা , ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস থকা এজন ভুক্তভোগীৰ অনুৰোধ ..!!