শিৱসাগৰত অভিনৱ পন্থাৰে নিবনুৱা যুৱকক প্ৰৱঞ্চনা কৰা দুই প্ৰৱঞ্চকক আটক

আৰক্ষীৰ অভিযানত প্ৰৱঞ্চকৰ ঘৰৰ পৰা ৪৬ টা ডি এছ এল আৰ কেমেৰা উদ্ধাৰ

শিৱসাগৰত নিৱনুৱা যুৱকৰ পৰা ৫৫ টাকৈ ডি এছ এল আৰ কেমেৰা প্ৰৱঞ্চনাৰে লুটি নিয়াৰ ফন্দি কৰা চক্ৰৰ খলনায়ক তথা শিৱসাগৰৰ কুখ্যাত সুদখোৰ প্ৰিন্স হুছেইন জালত পৰিল শিৱসাগৰ আৰক্ষীৰ।

লগতে আৰক্ষীয়ে প্ৰিন্সৰ শোৱনি কোঠাৰ পৰা মাজনিশা অভিযান চলাই ৪৬ টা কেমেৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰৰ ২৫ জনকৈ নিবনুৱা যুৱকৰ পাৰা দৈনিক ভাড়া দিম বুলি ৫৫ টাকৈ ডি এছ এল আৰ কেমেৰা প্ৰৱঞ্চনাৰে লুটি নিয়াৰ ফন্দি কৰা প্ৰৱঞ্চক চক্ৰটোৰ মূল নায়ক প্ৰিন্স হুছেইন আৰু মিনহাজ বড়া আৰক্ষীৰ জালত পৰাৰ বিপৰীতে শান্তনু শইকীয়া নামৰ প্ৰৱঞ্চকটো বৰ্তমানো পলাতক ৷

উল্লেখযোগ্য যে এক কোটি টকা মূল্যৰ ৫৫ টা কেমেৰা দৈনিক ভাড়ালৈ বুলি নি জুন মাহৰ পৰা পলাতক অৱস্থাত আছিল প্ৰৱঞ্চক শান্তনু শইকীয়া ৷

উপায়ন্তৰ হৈ নিবনুৱা যুৱকসকলে ২৭ ছেপ্তেম্বৰত শিৱসাগৰ সদৰ আৰক্ষী থানাত শান্তনু শইকীয়াৰ বিৰুদ্ধে  এজাহাৰ দাখিলৰ লগতে প্ৰৱঞ্চক শান্তনু শইকীয়াৰ দুই সহযোগী মিনহাজ বড়া আৰু প্ৰিন্স হুছেইন নামৰ দুই ধুৰন্ধৰক ধৰি গতাইছিল শিৱসাগৰ আৰক্ষী থানাত ৷

কিন্তু যুৱক সকলে ধৰি দিয়া প্ৰৱঞ্চক প্ৰিন্স হুছেইনক আৰক্ষীয়ে জেৰা চলাওঁতেই ওলাল উৰহি গছৰ ওৰ ৷ শিৱসাগৰৰ কুখ্যাত সুদখোৰ ব্যৱসায়ী বুলি পৰিচিত প্ৰিন্সৰ পৰিকল্পনাতে নিবনুৱা যুৱকসকলৰ পৰা চক্ৰান্তৰে ৫৫ টাকৈ ডি এছ এল আৰ কেমেৰা সৰকাই নি বিক্ৰী কৰাৰ বাবে চক্ৰান্ত ৰচনাৰ কথা আৰক্ষীৰ আগত প্ৰিন্সে স্বীকাৰ কৰে ৷

প্ৰিন্সৰ স্বীকাৰোক্তিৰ ভিত্তিতে তদন্তকাৰী বিষয়া লোকনাথ বসুমতাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে প্ৰিন্স হুছেইনৰ ন- আলি স্থিত বাসগৃহৰ শোৱনী কোঠাৰ পৰা ৪৬ টাকৈ কেমেৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইফালে আনটো পলাতক প্ৰৱঞ্চক শান্তনু শইকীয়াৰ ঘৰ শিৱসাগৰৰ ঢুলীয়াপাৰ জোনাকী নগৰত হোৱাৰ বিপৰীতে দুই সহযোগী  মিনহাজ বড়াৰ ঘৰ ঘিলাগুৰি আৰু প্ৰিন্স হুছেইনৰ ঘৰ ন-আলিত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

বৰ্তমান আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত প্ৰিন্স হুছেইন আৰু মিনহাজ বড়াক সন্ধান নোলোৱা আন ৯ টা কেমেৰাৰ সম্পৰ্কত জেৰা অব্যাহত ৰখাৰ লগতে পলাতক প্ৰৱঞ্চক শান্তনু শইকীয়াৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷