পোন্ধৰশ পদ খালী : ৰাজ্যৰ মহাবিদ্যালয়ৰ খালী পদত শিক্ষক নিযুক্তিৰ দাবী নিবনুৱা সন্থাৰ

Directorate-of-Higher-Education-1140x570

প্ৰতিনিধিত্বমূলক ফটো

অসমৰ মহাবিদ্যালয়সমূহত খালী হৈ থকা প্ৰায় পোন্ধৰশ শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তই মহাবিদ্যালয়সমূহৰ শৈক্ষিক ক্ষেত্ৰত স্থবিৰতা নমাই অনা বুলি মন্তব্য কৰিছে সদৌ অসম নিবনুৱা সন্থাই।

সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ধৰ্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক বিবৃতিযোগে কয় যে মহাবিদ্যালয়সমূহৰ অমঞ্জুৰিকৃত ঠিকাভিত্তিক পদত কৰ্মৰত শিক্ষক কৰ্মচাৰীক নিযুক্তি নিদিবলৈ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে যোৱা ফেব্ৰুৱাৰি মাহতে মহাবিদ্যালয়সমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ ফলত অস্থায়ী ভিত্তিত কাম কৰি থকা শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ লগতে মহাবিদ্যালয়সমূহত শিক্ষাৰ ক্ষেত্ৰত স্থবিৰতা নামি আহিছে। বিবৃতিটোৰ জৰিয়তে নিবনুৱা সন্থাই ঠিকাভিত্তিত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ যোগ্যতাৰ ভিত্তিত চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে খালী থকা পদসমূহত শীঘ্ৰে নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।

উল্লেখযোগ্য যে অসম বিধানসভাৰ দলপতি দেবব্ৰত শইকীয়াইয়ো মহাবিদ্যালয়সমূহত খালী হৈ থকা পোন্ধৰশ পদত নিযুক্তি দিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।