NORTHEAST NOW (Assamese)

দ্বাৰকুছিৰ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা মণ্ডপত দুৰ্ভাগ্যজনক ঘটনা

October 23, 2023 2:45 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱানিশা তামুলপুৰৰ দ্বাৰকুছি বজাৰৰ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাস্থলীত সাধাৰণ তৰ্ক- বিতৰ্ককলৈ যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল, তাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডিৱাইএফ‌আই)ৰ তামুলপুৰ জিলা কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

শাৰদীয় বতৰত যি সময়ত সৰ্বসাধাৰণ ৰাইজে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে শাৰদীয় উৎসৱ উপভোগ কৰিছে, তেনে অৱস্থাত একাংশ দুষ্কৃতিকাৰীয়ে মন্দিৰৰ চাকি- বন্তি ভাঙি ধৰ্মীয় আৱেগক লৈ খেলা কৰা কাৰ্য অতি নিন্দনীয়। একে সময়তে দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰাৰ পৰিৱৰ্তে এক বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লৈ সাম্প্ৰদায়িক মন্তব্য কৰা আৰু ঘটনাৰ সৈতে কোনো সম্পৰ্ক নথকা এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনৰ ঘৰত আৰু এবিএমছুৰ কাৰ্যালয়ত সংগবদ্ধ আক্ৰমণ কৰি টাইছন হুছেইন গ’ বেক, মুছলমান গ’ বেক ধ্বনি দিয়া কাৰ্য কোনোপধ্যেই সমৰ্থন যোগ্য নহয়। ডিৱাইএফ‌আইয়ে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে টাইছন হুছেইন দেৱলৈ সহমৰ্মিতা প্ৰকাশ কৰিছে।

তদুপৰি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ত দেখাৰ দৰে আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাও তীব্ৰ গৰিহণাৰ যোগ্য। ৰাজ্যখনৰ শাসনত থকা বিজেপি দলে মুকলিকৈ কৰি অহা বিভিন্ন সাম্পদায়িক মন্তব্যৰেই কুপ্ৰভাৱ দ্বাৰকুছিৰ এই ঘটনা।

ডিৱাইএফ‌আইৰ তামুলপুৰ জিলা কমিটিয়ে দুয়োটা ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে দুষ্কৃতিকাৰীৰ প্ৰৰোচনাত ভৰি নিদি সাম্প্ৰদায়িক সম্প্ৰতি অটুট ৰাখিবলৈ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনাইছে।

Related News