অগপ-বিজেপিৰ মিত্ৰতাক লৈ অসন্তুষ্ট নেতাৰ সংবাদমেল : জন্ম দিব নতুন আঞ্চলিকতাবাদী দলৰ

ৰাজ্যবাসীক কিছুদিনৰ বাবে মিছা নাটক দেখুৱাই পুনৰ অগপ দলে বিজেপিৰ সৈতে মিত্ৰাতা কৰাত দলৰ আভ্যন্তৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি অগপৰ বিজেপিৰে মিত্ৰতা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মানৱ অধিকাৰ কৰ্মী হিচাপে সুপৰিচিত লাচিত বৰদলৈয়ে।

অগপ দলৰ সংখ্যাগৰিষ্ঠ নেতাৰে বিজেপিৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত সন্মতি নথকা অৱস্থাতো বিজেপিৰে মিত্ৰতা কৰাত অসম গণ পৰিষদক ক্ষমতালোভী আখ্যা দিয়ে। লগতে বৰদলৈয়ে আজিৰ সংবাদমেলতে অসমৰ ৰাইজে বিচৰা ধৰণৰ এটা আঞ্চলিকতাবাদী দল, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিব পৰা এটা আঞ্চলিকতা বাদী দল জন্ম দিয়াৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰা বুলিও উল্লেখ কৰে।

সংবাদমেলত বৰদলৈয়ে বিজেপিৰ লগতে অগপকো তীব্ৰ সমালোচনা কৰি কয় যে দলটোৰ আপোচকামী নেতা সকলক অসমৰ ৮৫৫ জন চহিদৰ কথা কোৱাৰ বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম ৰাইজ অগপ দলৰ হাইকামাণ্ড বুলি কোৱাটোও বন্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে অগপ দলে অসৰ ৮৫৫ জন চহিদক দ্বিতীয়বাৰ হত্যা কৰিছে আৰু আঞ্চলিকতাবাদীক অগপ দলে কবৰ দিছে।

তাৰোপৰি অসমৰ প্ৰকৃতি আঞ্চলিকতাবাদী তথা জাতীয়তাবাদী লোকসকলক অগপৰ পৰা ওলাই অহাৰ বাবে আহ্বান জনোৱাৰ লগতে অগপ দলৰ কাৰ্যকলাপৰ প্ৰতিবাদ কৰিবলৈও আজিৰ সংবাদমেলৰ পৰাই লাচিত বৰদলৈয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে সুপৰিচিত লাচিত বৰদলৈয়ে ২০১০ চনত অসম গণ পৰিষদ দলত যোগদান কৰিছিল। কিন্তু শেহতীয়াকৈ ১৩ মাৰ্চত অগপই পুনৰ বিজেপিৰে মিত্ৰতা কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বৰদলৈয়ে দল ত্যাগ কৰে।