NORTHEAST NOW (Assamese)

গুৱাহাটীত অচিনাক্ত মৃতদেহ উদ্ধাৰ : সম্ভাৱ্য হত্যাকাণ্ডৰ তদন্ত আৰক্ষীৰ

December 21, 2024 2:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গুৱাহাটীৰ ভঙাগড় অঞ্চলৰ সমীপত শনিবাৰে পুৱা ৰহস্যজনক পৰিস্থিতিত এজন যুৱক মৃত অৱস্থাত উদ্ধাৰ হয়।

গুৱাহাটীৰ ভঙাগড়ৰ চিলাৰায় নগৰত  উদ্ধাৰ হৈছে মৃতদেহটো।

জানিব পৰা মতে, বগা চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি আছিল মৃত ব্যক্তিজনে।

মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই |

স্থানীয় ৰাইজৰ মতে, যোৱা নিশা উক্ত স্থানত চিঞৰ-বাখৰৰ শব্দ শুনা পোৱা গৈছিল।

জানিব পৰা মতে, মৃতদেহটো মুখৰ পৰা ফেন ওলোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰিয়েই আৰক্ষীক খবৰ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News