NORTHEAST NOW (Assamese)

ডিফুত নিশা শুই থকা অৱস্থাতে যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

June 11, 2024 9:02 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

কাৰ্বি আংলং জিলাৰ ডিফুত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। সোমবাৰে নিশা এগৰাকী যুৱতীক শোৱাপাটিতে গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিফুৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ত এই ঘটনা সংঘটিত হৈছে।

দুৰ্বৃত্তই হত্যা কৰা যুৱতীগৰাকী শুকুৰী তিছ’পী বুলি চিনাক্ত কৰা হৈছে। যুৱতীগৰাকীৰ বয়স ২৩ বছৰ বুলি জানিব পৰা গৈছে। ডিফুত দুই ভগ্নীসহ যুৱতীগৰাকী বসবাস কৰা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, সোমবাৰে নিশা প্ৰায় ১ বজাত শুই থকা অৱস্থাতে যুৱতীগৰাকীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। দুৰ্বৃত্তই নিশা ঘৰৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।

হত্যাৰ বলি শুকুৰী তিছ’পী। ফটোঃ সংগ্ৰহীত।

ঘটনাৰ খবৰ পোৱাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

এতিয়ালৈকে যুৱতীগৰাকীৰ হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। 

Related News