১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে

Union Budget 2022-23

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব। ২০১৪ চনত শাসনলৈ অহাৰ পিছত এইয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দশম বাজেট উপস্থাপন আৰু সীতাৰমণৰ দ্বাৰা চতুৰ্থখন বাজেট উপস্থাপন হ’ব।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুয়োখন সদনক সম্বোধন কৰি সংসদত বাজেট অধিৱেশন আৰম্ভ কৰিব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত মহাসচিবে এখন পত্ৰত কয়।

বাজেট অধিৱেশনৰ প্ৰথমাৰ্ধ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ চলিব, দ্বিতীয়াৰ্ধ ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ হ’ব। ৰাজ্যসভাত উত্থাপন কৰাৰ আগতে কেন্দ্ৰীয় বাজেট সংসদৰ নিম্ন সদনত উপস্থাপন কৰা হ’ব।

অৱশ্যে, বাজেট দাখিলৰ এদিন পূৰ্বে কেন্দ্ৰই সংসদত অৰ্থনৈতিক জৰীপ উপস্থাপন কৰাৰ সম্ভাৱনা আছে। ক’ভিদৰ পৰিপ্ৰেক্ষিতত তথা কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ ফলত ভাৰতীয় অৰ্থনীতি ক্ৰমাৎ নিম্নমুখী হোৱাৰ পিছত এইবাৰৰ বাজেট লক্ষণীয় হ’ব।

অৱশ্যে, ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষৰ বাবে জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৯.৫ শতাংশ নিৰ্ধাৰিত কৰিছে। কিন্তু লগতে সতৰ্ক কৰি দিছে যে অৰ্থনৈতিক পুনৰুদ্ধাৰ এতিয়াও স্ব-নিৰ্ভৰশীল আৰু দীৰ্ঘম্যাদী হ’বলৈ যথেষ্ট শক্তিশালী নহয়।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা মাহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্ত মন্ত্ৰীসকলৰ সৈতে বাজেটপূৰ্ব পৰামৰ্শ বৈঠকত সভাপতিত্ব কৰিছিল।

উল্লেখ্য যে যোৱা বছৰ কেন্দ্ৰীয় বাজেট প্ৰথমবাৰৰ বাবে কাগজবিহীন ৰূপত উপস্থাপন কৰা হৈছিল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে স্বদেশী ‘বাহি খাতা’ৰ স্থানত ডিজিটেল মাধ্যমেৰে টেবলেটৰ জৰিয়তে বাজেট উপস্থাপন কৰিছিল।

তেওঁ ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি সাংসদ আৰু সাধাৰণ ৰাইজৰ সুবিধাৰ্থে “কেন্দ্ৰীয় বাজেট ম’বাইল এপ” মুকলি কৰিছিল।