NORTHEAST NOW (Assamese)

১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট

January 14, 2022 5:10 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশৰ ২৯ খনকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোভিডে জটিল ৰূপ ধাৰণ কৰি থকাৰ মাজতে কেন্দ্ৰীয়
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব৷

সংসদৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু একেদিনাই অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰা হ’ব৷

সংসদৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীত দুয়োখন সদনৰ যুটীয়া বৈঠকৰ সৈতে আৰম্ভ হ’ব।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেইদিনা দুয়োখন সদনকে সম্বোধন কৰিব। সংসদীয় পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে (চিচিপিএ)ই পৰামৰ্শ দিছে যে বাজেট অধিৱেশনৰ প্ৰছম অংশ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।

আনহাতে বাজেট অধিৱেশনৰ দ্বিতীয় অংশ এমাহৰ অৱকাশৰ পিছত ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

ৰাজ্যসভাৰ অধ্যক্ষ তথা লোকসভাৰ অধ্যক্ষই দুয়োখন সদনৰ সচিব-জেনেৰেলসকলক আগন্তুক বাজেট অধিৱেশন সুচাৰুৰূপে পৰিচালনাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়াৰ কথাও সূত্ৰটোৱে জানিবলৈ দিছে।

Related News