NORTHEAST NOW (Assamese)

দেশৰ বাজেট সন্দৰ্ভত প্ৰথমবাৰৰ বাবে গুৱাহাটীত মত বিনিময় কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ

February 27, 2020 7:35 pm · দীপজ্যোতি শৰ্মা
গুৱাহাটীত সংবাদমেলত নিৰ্মলা সীতাৰামন। সৌজন্য-- টুইটাৰ।

নিৰ্মলা সীতাৰামনে বৃহস্পতিবাৰে দেশৰ বাজেট সন্দৰ্ভত গুৱাহাটীত বিভিন্ন অংশীদাৰীৰ সৈতে মত বিনিময় কৰে।

সীতাৰামন গুৱাহাটীত কেন্দ্ৰীয় বাজেটক লৈ মত গ্ৰহণ কৰা দেশৰ প্ৰথমগৰাকী বিত্ত মন্ত্ৰী।

খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত সীতাৰামনে বেংক সেৱাৰ সৈতে জড়িত বিষয়ববীয়া, বিনিয়োগকাৰী আৰু অৰ্থনীতিবিদৰে সৈতে দেশৰ আগন্তুক বাজেট সন্দৰ্ভত আলোচনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“মই অসমৰ মন্ত্ৰী হিচাপে সুখী যে ভাৰতৰ অৰ্থনীতিৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে গুৱাহাটীত বাজেট সম্বন্ধে আলোচনা কৰিবলৈ বিত্ত মন্ত্ৰী আহিছে,” মন্ত্ৰী শৰ্মাই সাংবাদিকক কয়।

সীতাৰামনৰ ভ্ৰমণৰ ফলত ৬ মাৰ্চত অসমৰ বাজেট দাখিলৰ পূৰ্বে উদ্যম পোৱা বুলিও শৰ্মাই মন্তব্য কৰে।

চেন্নাই, কলকাতা, মুম্বাইকে ধৰি দেশৰ পাঁচটা স্থানত অনুৰূপ মত বিনিময় অনুষ্ঠানৰ পিছত গুৱাহাটীত এই অনুষ্ঠান আয়োজন কৰা হৈছিল।

বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে পৰৱৰ্তী দিনত লক্ষ্ণৌ আৰু আহমেদাবাদতো অনুৰূপ বৈঠক অনুষ্ঠিত হ’ব।

Related News