• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

এল এফৰ প্ৰাদূৰ্ভাৱ থকা ১৩ খন ৰাজ্যত লিম্ফেটিক ফাইলেৰিয়াচিছ নিৰ্মূলৰ বাবে ৰাষ্ট্ৰীয় জন ঔষধ প্ৰশাসন অভিযানৰ শুভাৰম্ভ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 4:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰী আৰু ১৩ খন চিনাক্ত এল এফৰ প্ৰাদূৰ্ভাৱ থকা ৰাজ্যৰ জ্যেষ্ঠ বিষয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে লিম্ফেটিক ফাইলেৰিয়াচিছ (এলএফ) নিৰ্মূলৰ বাবে বাৰ্ষিক ৰাষ্ট্ৰীয় জন ঔষধি প্ৰশাসন (এমডিএ) অভিযানৰ শুভাৰম্ভ কৰে।

অংশগ্ৰহণকাৰীসকলক অভিযানৰ এক আভাস, ইয়াৰ উদ্দেশ্য, গ্ৰহণ কৰা মূল কৌশলগত কাৰ্য্যকলাপ আৰু এমডিএ কাৰ্যসূচীয়ে সৰ্বাধিক লোকক সামৰি লোৱা আৰু অনুসৰণ নিশ্চিত কৰাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে অৱগত কৰা হয়। এই অভিযানে ১৩খন ৰাজ্যৰ ১১১খন সৰ্বাধিক প্ৰভাৱিত জিলাক সামৰি লৈছে আৰু ইয়াত ফাইলেৰিয়া প্ৰতিৰোধৰ ঔষধ ঘৰে ঘৰে প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

সভাত অংশগ্ৰহণ কৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকল ক্ৰমে  সত্য কুমাৰ যাদৱ (অন্ধ্ৰপ্ৰদেশ),  অশোক সিংঘল (অসম),  শ্যাম বিহাৰী জয়ছোৱাল (ছত্তীশগড়),  ৰুশিকেশ গণেশভাই পেটেল (গুজৰাট),  ইৰফান আনছাৰী (ঝাৰখণ্ড),  দীনেশ গুণ্ডু ৰাও (কৰ্ণাটক),  ৰাজেন্দ্ৰ শুক্লা (মধ্যপ্ৰদেশ),  মুকেশ মহলিং (ওড়িশা),  মংগল পাণ্ডে (বিহাৰ),  প্ৰকাশৰাও অবিতকাৰ (মহাৰাষ্ট্ৰ) আৰু  বৃজেশ পাঠক (উত্তৰপ্ৰদেশ)।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল চেণ্টাৰ ফৰ ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰ’ল(NCVBDC)ৰ নেতৃত্বত ভাৰতৰ এল এফ নিৰ্মূল কৌশলৰ এটা মূল উপাদান হৈছে এমডিএ অভিযান। এই কাৰ্যসূচীত ফাইলেৰিয়া প্ৰতিৰোধী ঔষধ ঘৰে ঘৰে প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাতে প্ৰতিজন যোগ্য ব্যক্তিয়ে ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ নিৰ্ধাৰিত ঔষধ সেৱন কৰাটো নিশ্চিত কৰা হয়। সাধাৰণতে “হাথী পাও” (গোধা ৰোগ) নামেৰে জনাজাত এলএফ হৈছে আক্ৰান্ত মহৰ দ্বাৰা সংক্ৰমিত পৰজীৱী ৰোগ। ইয়াৰ ফলত লিম্ফোইডিমা (অংগ-প্ৰত্যংগ ফুলা) আৰু হাইড্ৰ’চেল (স্ক্ৰ’টেল ছুৱেলিং)ৰ দৰে শাৰীৰিক অক্ষমতা আহিব পাৰে আৰু আক্ৰান্ত ব্যক্তি আৰু পৰিয়ালৰ ওপৰত দীৰ্ঘদিনীয়া বোজা হৈ পৰিব পাৰে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “এল এফ মুক্ত ভাৰত আমাৰ প্ৰতিশ্ৰুতি, আৰু এই লক্ষ্যত উপনীত হ’বলৈ প্ৰতিজন নাগৰিকৰ অংশগ্ৰহণ আৰু সচেতন মহল জড়িত হোৱাটো অতি প্ৰয়োজন। মিলিত দায়িত্ববোধেৰে আমি লিম্ফেটিক ফাইলেৰিয়াচিছক নিৰ্মূল কৰিব পাৰো, কোটি কোটিৰ বাবে সুৰক্ষা নিশ্চিত কৰিব পাৰো”। তেওঁ লগতে কয়, “আমাৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ দক্ষ নেতৃত্বত এই অভিযান জন অংশীদাৰিত্বৰ মনোভাৱেৰে পৰিচালিত হ’ব, ইয়াক জন আন্দোলনলৈ ৰূপান্তৰিত কৰা হ’ব আৰু সচেতন মহলৰ অংশগ্ৰহণ আৰু সামূহিক মালিকীস্বত্বৰ ভাৱনাৰে ভাৰতে লিম্ফেটিক ফাইলেৰিয়াচিছ নিৰ্মূল কৰিব পাৰিব, যাতে লাখ লাখ লোক এই ৰোগৰ পৰা সুৰক্ষিত হয়।”

লিম্ফেটিক ফাইলেৰিয়াচিছে মানুহক অক্ষম কৰি তোলে আৰু তেওঁলোকৰ জীৱনৰ মান অৱনমিত কৰে বুলি উল্লেখ কৰি  নাড্ডাই ৰাজ্যসমূহক ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যতকৈ বহু আগতেই এই ৰোগ নিৰ্মূল কৰাটো নিশ্চিত কৰিবলৈ পাঁচটা দিশৰ কৌশল ৰূপায়ণৰ আহ্বান জনায়। তেওঁ কয়, “১০ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ প্ৰভাৱিত জিলাসমূহৰ ১৭.৫ কোটিৰো অধিক লোকৰ বাবে এই ঔষধসমূহ বিনামূলীয়াকৈ যোগান ধৰা হ’ব। এই অক্ষম কৰি তোলা ৰোগৰ পৰা নিজৰ লগতে পৰিয়ালক ৰক্ষা কৰিবলৈ অঞ্চলসমূহৰ বাসিন্দাসকলে ঔষধ সেৱন কৰাটো অতি প্ৰয়োজনীয়।” সৰ্বাধিক সংখ্যক লোকক সামৰি লোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, “প্ৰভাৱিত জিলাসমূহে নিশ্চিত কৰিব লাগিব যাতে যোগ্য জনসংখ্যাৰ ৯০%তকৈ অধিক লোকে ফাইলেৰিয়া প্ৰতিৰোধী ঔষধ সেৱন কৰে। আমাৰ সামূহিক প্ৰতিশ্ৰুতি আৰু দৃঢ়তাই জীৱনক ৰূপান্তৰিত কৰাত সহায় কৰিব আৰু লিম্ফেটিক ফাইলেৰিয়াচিছৰ পৰা মুক্ত ভৱিষ্যত নিশ্চিত কৰিব।”

নড্ডাই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰাজ্যিক পৰ্যায়ত এই অভিযান নিৰীক্ষণ কৰিবলৈ আহ্বান জনায় যাতে আক্ৰান্ত লোকসকলৰ আগতীয়া নিদান নিশ্চিত হয়। একেখিনিৰ বাবে চিনাক্ত ৰাজ্য/জিলা পৰ্যায়ৰ ৰাজনৈতিক আৰু প্ৰশাসনিক নেতৃত্বক ব্যক্তিগতভাৱে জড়িত হ’বলৈও তেওঁ আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ কাৰ্যসূচীত সহায় কৰিবলৈ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক নিয়োজিত কৰি সামগ্ৰিক চৰকাৰী পন্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। তেওঁ আলোকপাত কৰে যে এই সংহত পদ্ধতিৰ সৈতে সহযোগী মন্ত্ৰালয়সমূহৰ উচ্চ পৰ্যায়ৰ সমৰ্থনে আন্তঃখণ্ডীয় সমন্বয়ৰ পোষকতা কৰিব।

 নড্ডাই ৰাজ্যসমূহক জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আইইচিৰ ফলপ্ৰসূ কাৰ্য্যকলাপ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। তেওঁ ব্যাপক হাৰত অভিযানৰ প্ৰসাৰতাৰ বাবে ডিজিটেল প্ৰযুক্তিসমূহক জড়িত কৰাৰ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ উত্তৰপ্ৰদেশ আৰু ওড়িশাই কৰা ভাল কামৰ ওপৰত আলোকপাত কৰে আৰু ডিজিটেল প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰৰ শলাগ লয়।

তেওঁ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰ ৰাজনৈতিক জড়িততাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ তেওঁলোকক অন্যান্য নিৰ্বাচিত জনপ্ৰতিনিধি, বিশেষকৈ সাংসদ আৰু বিধায়ক আৰু পৰিষদৰ সদস্যসকলৰ লগতে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক জড়িত কৰিবলৈ আৰু এমডিএৰ কাৰ্যকলাপৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ সম্প্ৰদায়সমূহক সংগঠিত কৰাত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

নাড্ডাই কয় যে উন্নত আত্ম-যত্নৰ সুবিধা লাভৰ বাবে আয়ুষ্মান আৰোগ্য মন্দিৰ (এএএম)ৰ সুবিধাসমূহত এমএমডিপি সেৱাসমূহ সম্পূৰ্ণৰূপে একত্ৰিত কৰাৰ প্ৰচেষ্টা চলি আছে আৰু প্ৰায় ৫০% লিম্ফোডিমা ৰোগীয়ে বছৰি ৰোগ ব্যৱস্থাপনা আৰু অক্ষমতা প্ৰতিৰোধ (এমএমডিপি) কিট লাভ কৰে। তেওঁ কয় যে এনএইচএমৰ অধীনত হাইড্ৰ’চেলেক্টমী অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে আৰু পিএমজেএৱাই আঁচনিত হিতাধিকাৰীসকলৰ বাবে হাইড্ৰ’চেলেক্টমীৰো বিকল্প আছে। তেওঁ জনোৱা মতে ২০২৪ চনত এই ৰোগৰ প্ৰাদূৰ্ভাৱ থকা ৰাজ্যসমূহত প্ৰায় ৫০% হাইড্ৰ’চেল অস্ত্ৰোপচাৰ কৰা হৈছিল। তেওঁ আলোকপাত কৰে যে এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আৰোগ্য মন্দিৰসমূহে এলএফৰ বোজা হ্ৰাস কৰাত সহায় কৰিব, আক্ৰান্ত ব্যক্তিসকলক সুস্থ জীৱন যাপন কৰিবলৈ সুবিধা প্ৰদান কৰিব আৰু ৰোগমুক্ত, বিকশিত ভাৰতৰ দৃষ্টিভংগীক প্ৰসাৰিত কৰিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণৰ সামৰণিত মৃত্যুৰ হাৰ অধিক হোৱা এই ৰোগক ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ গুৰুত্ব পুনৰ দোঁহাৰে। এইটো এটা প্ৰান্তীয় প্ৰত্যাহ্বান বুলি উল্লেখ কৰি তেওঁ স্বাস্থ্যকৰ্মীসকলক তৃণমূল পৰ্যায়ৰ পৰা লক্ষ্যস্থানত কেন্দ্ৰীভূতভাৱে কাম কৰিবলৈ আহ্বান জনায়। “ভাৰত লিম্ফেটিক ফাইলেৰিয়াচিছ নিৰ্মূলৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে আৰু ভৱিষ্যতেও থাকিব। আমাৰ সংকল্প হৈছে ২০২৭ চনৰ ভিতৰত সেই লক্ষ্যত উপনীত হোৱা”, তেওঁ উল্লেখ কৰে।

এমডিএ অভিযানে ১৩খন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগৰ ১১১খন সৰ্বাধিক প্ৰাদূৰ্ভাৱ থকা জিলাক সামৰি ল’ব। এই অভিযানে ব্যাপক প্ৰতিৰোধ কৌশল, সজাগতা বৃদ্ধি আৰু এমডিএৰ ব্যাপক অনুসৰণ নিশ্চিত কৰাৰ জৰিয়তে লিম্ফেটিক ফাইলেৰিয়াচিছ নিৰ্মূল কৰাৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।

জন ঔষধি প্ৰশাসন (এম ডি এ) অভিযানত এল এফ প্ৰভাৱিত অঞ্চলৰ সকলো যোগ্য ব্যক্তিৰ গাত লক্ষণ আছে নে নাই, তাৰ ভিত্তিত ফাইলেৰিয়া প্ৰতিৰোধী ঔষধৰ সংমিশ্ৰণ প্ৰদান কৰা হ’ব। ঔষধ সেৱনৰ প্ৰক্ৰিয়া এনেধৰণৰ-

• ডাবল ড্ৰাগ ৰেজিমেন (DA): ডাইথাইলকাৰবামাজিন চাইট্ৰেট (DEC) আৰু এলবেণ্ডাজ’ল

• ট্ৰিপল ড্ৰাগ ৰেজিমেন (IDA): আইভাৰমেক্টিন, ডাইথাইলকাৰবামাজিন চাইট্ৰেট (DEC), আৰু এলবেণ্ডাজ’ল

এমডিএৰ লক্ষ্য হৈছে আক্ৰান্ত ব্যক্তিৰ তেজত সংক্ৰমিত অণুবীক্ষণিক ফাইলেৰিয়াল পৰজীৱীক নিৰ্মূল কৰি এল এফৰ বিস্তাৰ হ্ৰাস কৰা, যাতে মহৰ দ্বাৰা অধিক সংক্ৰমণ ৰোধ কৰিব পৰা যায়। এমডিএ ঔষধ অত্যন্ত নিৰাপদ আৰু ফলপ্ৰসূ হ’লেও খালী পেটত খাব নালাগে। তলত উল্লেখ কৰাসকলে এই ঔষধ সেৱন কৰিব নালাগে:

– ২ বছৰৰ তলৰ শিশু

– গৰ্ভৱতী মহিলা

– গুৰুতৰভাৱে অসুস্থ ব্যক্তি

আন সকলো যোগ্য ব্যক্তিয়ে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ উপস্থিতিত ঔষধ সেৱন কৰিব লাগে যাতে ইয়াৰ সঠিক সেৱন নিশ্চিত হয় আৰু অপচয় বা অপব্যৱহাৰৰ পৰা হাত সাৰিব পাৰে।

এই উপলক্ষে বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব মতী পুণ্য সলিলা বাস্তৱ; স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু পৰিচালন সঞ্চালক (এনএইচএম)মতী আৰাধনা পাটনায়ক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যসমূহৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব আৰু পৰিচালন সঞ্চালক (এনএইচএম)সকল উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd