• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাধ্যতামূলক নহয় আধাৰৰ সৈতে ভোটাৰ কাৰ্ডৰ সংযোগ; সংসদত স্পষ্ট কৰিলে আইন মন্ত্ৰী ৰিজিজুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 10:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকসকলে তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে তেওঁলোকৰ আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক হয় নে নহয় তাকলৈ দ্বিধাত আছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে সংসদত এই সম্পৰ্কত তিনিজন সাংসদৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মতে, ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ কৰাটো ভোটাৰসকলৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ বাবে ভোটাৰসকলৰ সন্মতি ল’বই লাগিব।

ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযুক্ত নহ’লেও ভোটাৰ তালিকাৰ পৰা কাৰো নাম বাদ দিয়া নহয়। এইটো সংসদত কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে নিৰ্বাচন সংশোধনী আইন, ২০২১য়ে নিৰ্বাচনী বিষয়াসকলক কেৱল পৰিচয়ৰ প্ৰমাণৰ বাবে ভোটাৰৰ আধাৰ নম্বৰ সুধিবলৈ অনুমতি দিয় হৈছে। কিন্তু ভোটাৰসকলে যদি নিবিচাৰে, তেওঁলোকে ইয়াক নিদিবও পাৰে।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ‘;উপলব্ধি’! ৰাইজৰ পৰা দূৰত্ব সৃষ্টি হৈছিল… কিন্তু আমি ফেচিষ্ট নহয়

চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা ভাৰতৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ ইচ্ছাৰ ভিত্তিত ভোটাৰৰ আধাৰ নম্বৰ সংগ্ৰহ কৰা আৰম্ভ কৰিছে। কিন্তু, নিৰ্বাচন কৰ্তৃপক্ষই ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰাৰ অভিযোগ উত্থাপিত হৈছিল। আধাৰ-ভোটাৰ কাৰ্ড সংযোগ সম্পৰ্কীয় দুটা অধিসূচনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰা হৈছিল। ইয়াত কোৱা হৈছে যে চৰকাৰী নিয়ম আৰু অধিসূচনা জাৰী কৰি ভাৰতীয় নিৰ্বাচন আয়োগে নাগৰিকসকলৰ বাবে তেওঁলোকৰ আধাৰ নম্বৰ ভোটাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰিব বিচাৰিছে।

দাবী কৰা হৈছে যে এই সংযুক্তিকৰণে নাগৰিকসকলৰ তেওঁলোকৰ সাংবিধানিক আৰু আইনী অধিকাৰ প্ৰয়োগ কৰাৰ সামৰ্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। কিয়নো, ইয়াৰ ফলস্বৰূপে উপযুক্ত প্ৰক্ৰিয়া অবিহনে বহুতো নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হ’ব। বহুলোকে ভোটদানৰ অধিকাৰ হেৰুৱাব। লগতে ভোটাৰ তালিকাৰ সৈতে আধাৰ সংযোগ কৰাৰ অৰ্থ হৈছে ভোটৰ গোপনীয়তাৰ সৈতে আপোচ কৰা। মুক্তভাৱে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এই গোপনীয়তা হৈছে মৌলিক প্ৰয়োজনীয়তা।

লগতে পঢ়ক: এলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন এই বাৰ্ণাৰ্ড আৰ্নল্ট? কিমান সম্পদৰ গৰাকী তেওঁ?

আদালতত, আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে কৈছিল যে আধাৰ কাৰ্ড কেৱল চৰকাৰী সুবিধা প্ৰদান কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰি। নাগৰিক অধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত আধাৰ নম্বৰ দিয়াৰ ওপৰত গুৰুত্ব দিব নোৱাৰি। কেৱল আধাৰ কাৰ্ড নাই বাবে ভোটদানৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰি।

শুকুৰবাৰে অৱশ্যে আইন মন্ত্ৰীয়ে সংসদত স্পষ্ট কৰি দিছে যে আধাৰ কাৰ্ড নাথাকিলেও ভোটাৰ তালিকাত নাম থকা কোনো নাগৰিকৰ বাবে ভোট দান কৰাত অসুবিধা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd