NORTHEAST NOW (Assamese)

ডিজিটেল ইণ্ডিয়া সম্পূৰ্ণ! ম’বাইলত মগ্ন বান্দৰৰ দলৰ ভিডিঅ’ পোষ্ট কৰি মন্তব্য কিৰেন ৰিজিজুৰ

January 21, 2023 10:21 am · এন ই নাও নিউজ, গুৱাহাটী

গোটেই বিশ্ব এতিয়া হাতৰ মুঠিত। সৌজন্য স্মাৰ্টফোন। কিন্তু কেবল মানুহেই নহয়, মোবাইল ফোনৰ দ্বাৰা আকৰ্ষিত হৈছে বান্দৰৰ দলো। এনে এটা ভিডিঅ’ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শ্বেয়াৰ কৰিছে। কৌতুক কৰি তেওঁ তাত এটা শিৰোনামো দিছে।

কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত কমেও পাঁচটা বান্দৰ দেখা গৈছে। তাৰে তিনিজনেই মোবাইলত মগ্ন।  কোনোবাই নিমগ্ন হৈ মোবাইলটো চাই আছে। কোনোবাই আকৌ স্ক্ৰ’ল কৰি আছে।  ছবি চুই চাইছে। এজন মানুহে চোৱাৰ দৰে, তিনিওটাই মোবাইলৰ সৈতে ব্যস্ত হৈ পৰিছে। চতুৰ্থটোৱেও কেতিয়াবা উৎসাহী হয় যদিও এই ত্ৰিমূৰ্তিৰ আগত বিশেষ পাত্তা পোৱা নাই।

লগতে পঢ়ক: গাড়ীত ছিটবেল্ট নমৰাৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক জৰিমনা; ভুলৰ বাবে বিচাৰিলে ক্ষমা

বহুতে ইতিমধ্যে ভিডিঅ’টো দেখিছে। কিন্তু ভিডিঅ’টোতকৈও কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু বিজেপি নেতাৰ কৌতুকৰ শিৰোনামটোৱে অধিক লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৰিজিজুৱে লিখিছে, “ডিজিটেল ভাৰতৰ সাক্ষৰতাৰ হাৰ কি স্তৰত উপনীত হৈছে চাওক, অবিশ্বাস্য!”

ভিডিঅ’টো ভাৰতত তোলা কৰা হৈছিল নে নাই তাক লৈ সন্দেহৰ অৱকাশ আছে। অৱশ্যে ৰিজিজুৰ মন্তব্যই নেটিজেনসকলৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনোবাই হাঁহিৰ ইমোজিৰে বিষয়টো উপভোগ কৰিছে। কিছুমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে পুনৰ উপহাস কৰিছে। 

কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পোষ্টত এনে মন্তব্যও কৰা হৈছে, “এনেকুৱা যেন বিজেপিৰ আইটি চেলৰ লোকসকলে কাম কৰি আছে।” এজনে লিখিছে, “শিশুৱে পঢ়িব নোৱাৰে, গতিকে এইবাৰ বান্দৰবোৰে পঢ়িব।” পোষ্টটোৰ কমেন্ট বক্সটো এনে প্ৰতিক্ৰিয়াৰে ভৰি আছে।

Related News