নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মহিলাৰ স্থিতি আয়োগ (CSW)ৰ ৬৯ সংখ্যক অধিৱেশনত ভাৰতৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে।
১০ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই অধিৱেশনত লিংগ সমতা আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশ্বজুৰি হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিব। এই বছৰৰ অধিৱেশন বিশেষ গুৰুত্বপূৰ্ণ কাৰণ এইবৰ্ষতে মহিলাৰ অধিকাৰক আগুৱাই নিয়াৰ এক বৃহৎ পৰিকল্পনা বেইজিং ঘোষণাৰ ৩০ বছৰ সম্পূৰ্ণ হ’ল। এই বেইজিং ঘোষণাপত্ৰৰ জৰিয়তে মহিলাৰ অধিকাৰৰ বাবে এক বিশ্বব্যাপী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
অধিৱেশনৰ সময়ত, মন্ত্ৰী অননপূর্ণা দেৱীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মহিলা আৰু ছোৱালীসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চৰকাৰে হাতত লোৱা বিভিন্ন উদ্যোগৰ বিষয়ে আলোকপাত কৰিব। তেওঁ বেইজিং ঘোষণাপত্ৰ আৰু ২০৩০ চনৰ স্থায়ী উন্নয়নৰ এজেণ্ডাৰ কাৰ্যকৰীকৰণক গতিশীল কৰাৰ বিষয়েও আলোচনা আলোকপাত কৰিব।
১২ মাৰ্চ তাৰিখে, মন্ত্রী বিশেষ অতিথি হিচাপে ভাৰত চৰকাৰ আৰু ইউএন উইমেনৰ সহায়ত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বিশ্বৰ নেতৃবৃন্দ আৰু বিশেষজ্ঞসকল বৈশ্বিক পৰিসৰে মহিলাৰ আৰ্থিক আৰু ডিজিটেল ক্ষমতায়ন বিষয়ে আলোচনা কৰিব।
এই অনুষ্ঠানত বিশ্বৰ নেতা, নীতিনিৰ্ধাৰক, আৰু বিশেষজ্ঞসকলে সামূহিকভাবে মহিলাৰ অৰ্থনৈতিক আৰু ডিজিটেল ক্ষমতায়নৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ উপৰিও, মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কত থকা ভাৰতীয় সকলৰ সৈতে সাক্ষাৎ কৰিব আৰু আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰিব।
উল্লেখ্য যে মহিলাৰ স্থিতি আয়োগ (CSW) হৈছে ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ সংস্থা, যি লিংগ সমতা আৰু মহিলাৰ অধিকাৰৰ প্ৰচাৰৰ বাবে কাম কৰে। এই বছৰৰ অধিৱেশন ১০ মাৰ্চৰ পৰা ২১ মাৰ্চ লৈকে অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, নাগৰিক সমাজ, আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব।