NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে কাৰ্বি আংলঙৰ চামেলাংচো অভিলাষী উন্নয়ন খণ্ড

November 18, 2024 10:21 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 18, 2024 10:23 pm

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে আজি কাৰ্বি আংলঙৰ বিভিন্ন স্থান  দিনজোৰা কাৰ্যসূচীৰে ভ্ৰমণ কৰে। তেওঁৰ সৈতে এই ভ্ৰমণত যোগদান কৰে সাংসদ এমাৰ্চিং টিচো, উপায়ুক্ত নিৰোলা ফাংচপি, এচিএছ, লাংচিন টেৰন, কেএএচিৰ কাৰ্যবাহী সদস্য দিলীপ তেৰাং, এচিএছ, কেএএচি আৰু অন্যান্য বিষয়াসকলে । 

মন্ত্ৰীগৰাকীয়ে চামেলাংচোৰ অভিলাষী খণ্ড উন্নয়ন এলেকা  পৰিদৰ্শন কৰে।  তেওঁ লংটু ৰংফাৰ গাঁৱত এখন সভাত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ সাংস্কৃতিক ঐতিহ্য, বিশেষকৈ স্থানীয় মহিলাসকলৰ পৰম্পৰাগত বয়ন দক্ষতাৰ প্ৰশংসা কৰে।  এই  ভ্ৰমণকালত ড০ কুমাৰে জল জীৱন মিছনৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা (পিএমজিএৱাই)ৰ ঘৰ আৰু পানী যোগানৰ সুবিধা সমূহ পৰিদৰ্শন কৰি বিভিন্ন লোকৰ সৈতে  বাৰ্তালাপ কৰে। 

সন্ধিয়া ড০ কুমাৰে হাওৰাঘাট ভ্ৰমণ কৰে। তাত  তেওঁ বৰবিল অঞ্চলৰ বাসিন্দাসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু হাওৰাঘাট সামূহিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ সেই অঞ্চলটোৰ  স্বাস্থ্যসেৱা বিষয়েও  পৰ্যালোচনা কৰে  আৰু ৰোগীসকলৰ সৈতেও কথা পাতে।   পিছত, মন্ত্ৰীগৰাকীয়ে ডিফুৰ ওচৰৰ ধানখেতি অঞ্চল পৰিদৰ্শন কৰে। তাত তেওঁ  কৃষকসকলৰ সৈতে বাট- পথৰ অৱস্থা  আৰু পানী যোগানৰ সমস্যা সম্পৰ্কে তেওঁলোকৰ অভিযোগ আদি মনপুতি শুনে। 

মন্ত্ৰীগৰাকীৰ দিনটোৰ কাৰ্যসূচী আজি  ডিফু টাউন হলত আয়োজিত এখন ৰাজহুৱা বাৰ্তালাপ সভাৰ জড়িয়তে  সমাপ্তি ঘটে।  এই সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন  ৰাজহুৱা সমস্যা , বিশেষকৈ মহিলা, শিশু, বিশেষভাবে সক্ষম  ব্যক্তি, ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায় আৰু সামাজিক সংগঠনসমূহৰ পৰা বিভিন্ন সমস্যা সন্দৰ্ভত বুজ লয় আৰু সেইবোৰৰ সমাধানৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। সভাত আলোচনা কৰা মুখ্য বিষয়বোৰৰ ভিতৰত আছিল ড্ৰাগছৰ আসক্তিৰ মোকাবিলা কৰা আৰু তৃণমূল পৰ্যায়ৰ উন্নয়নৰ পদক্ষেপবোৰ শক্তিশালী কৰা। 

Related News