NORTHEAST NOW (Assamese)

ক’ৰ’নাই প্ৰাণ ল’লে কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী সুৰেশ অংগদীৰ

September 23, 2020 10:05 pm ·
Updated: September 23, 2020 10:14 pm
সুৰেশ অংগাদী

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতৰ আন এগৰাকী মন্ত্ৰীয়ে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত আজি প্ৰাণ হেৰুৱাই কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী সুৰেশ অংগদীয়ে।

মৃত্যুৰ সময়ত সুৰেশ অংগদীৰ বয়স হৈছিল ৬৫ বছৰ।

১১ ছেপ্তেম্বৰত সুৰেশ অংগদীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল আৰু প্ৰাথমিক অৱস্থাত তেওঁৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখুওৱা নাছিল।

পৰৱৰ্তী সময়ত কিছু জটিলতাই দেখা দিয়া বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক এইমছ ট্ৰমা চেণ্টাৰৰ কোভিড-১৯ কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু এইমছ ট্ৰমা চেণ্টাৰতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিয়োগ ঘটে।

মৃত্যুৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ইহ সংসাৰত পত্নী আৰু দুগৰাকী সন্তানক এৰি থৈ যায়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ প্ৰায়বোৰ শীৰ্ষস্থানীয় মন্ত্ৰীয়ে শোক ব্যক্ত কৰে।

Related News