বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে; ৯৬ কোটি টকীয়া বৰপেটা-বাঘবৰ পথৰ আধাৰশিলা স্থাপন

Ramdas Athawale

ৰামদাস আথৱালে

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে সোমবাৰে বৰপেটাত ৯৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া বৰপেটা-বাঘবৰ পথছোৱাৰ আধাৰশিলা স্থাপন কৰে।

ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(এ)ৰ ৰাষ্ট্ৰীয় সভাপতি তথা সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আথৱালে দুপৰীয়া প্ৰায় ১২:৩০ বজাত বৰপেটা চহৰত উপস্থিত হৈ বৰপেটাৰ পৰা বাঘবৰলৈ নিৰ্মাণ হ’বলগীয়া পথছোৱাৰ আধাৰশিলা স্থাপন কৰে৷

আধাৰশিলা মুকলি অনুষ্ঠানৰ পাছতে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন ৰাজহৱা সভাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

ভাষণত আথৱালে বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ হৈ কাম কৰাৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় চৰকাৰে গড়কাপ্তানী আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে ১১.৫৫ লাখ কোটি টকাৰ কাম কৰি থকা বুলিও তেওঁ কয়৷

আনহাতে, দেশৰ সকলোৰে বিশ্বাস পালে উন্নয়ন আৰু দ্ৰুততৰ হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

তদুপৰি, অযোধ্যা গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই  এই ৰায়ত উভয় পক্ষই ন্যায় লাভ কৰিছে বুলি তেওঁ কয়৷

‘‘দীৰ্ঘদিন ধৰি চলি থকা ধৰ্মীয় গোচৰৰ অন্তত এতিয়া সকলো ধৰ্মৰ লোকে মিলা প্ৰীতিৰে কাম কৰি দেশখনক আগুৱাই নিয়া উচিত,’’ আথৱালে কয়।

আজিৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,  বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম, আৰ পি আইৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক(প্ৰশাসন) তথা বৰপেটা জিলা সমিতিৰ সভাপতি ৰেজাউল কৰিম,  লগতে কেইবা গৰাকী নেতা আৰু তিনি সহস্ৰাধিক লোক উপস্থিত থাকে ৷