পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক; পত্নী, ব্যক্তিগত সহায়কৰ মৃত্যু

WhatsApp Image 2021-01-12 at 6.53.12 AM

দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গাড়ীখন।

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰীপদ নাইক সোমবাৰে পত্নীৰে সৈতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। কৰ্ণাটকৰ আনকোলাৰ হিল্লুৰ-হোছাকাম্বি গাঁৱৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত মন্ত্ৰীৰ পত্নী বিজয়া নাইকৰ লগতে মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়কগৰাকীৰো মৃত্যু ঘটে।

এই দুৰ্ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান মন্ত্ৰীগৰাকীৰ অৱস্থা সংকটজনক আৰু তেওঁক গোৱা মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হৈছে।

মন্ত্ৰীগৰাকীৰ দুৰ্ঘটনাৰ খৱৰ বিয়পি পৰাৰ পাছতে বিজেপিৰ নেতাসকলকে ধৰি বিভিন্নজনে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

বাতৰি অনুসৰি, মন্ত্ৰীগৰাকীয়ে উত্তৰ কন্নড় জিলাত ব্যক্তিগত কামত গৈছিল। তাৰ পৰা গোৱালৈ উভতি অহাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত আন দুজন লোকো আহত হৈছে।

১৯৯৯চনৰ পৰা একেৰাহে পাঁচবাৰ উত্তৰ গোৱাৰ পৰা নিৰ্বাচিত হৈ আহিছে ৬৮বছৰীয়া শ্ৰীপদ নাইক।

মোদী চৰকাৰৰ দিনত তেওঁ নতুনকৈ প্ৰৱৰ্তন কৰা আয়ুষ মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী আছিল।

ইয়াৰ পূৰ্বে বাজপেয়ী চৰকাৰৰ দিনতো তেওঁ মন্ত্ৰী আছিল। গোৱা বিজেপিৰ অন্যতম পুৰণি সদস্য শ্ৰীপদ নাইকে পূৰ্বে ৰাজ্যিক সভাপতিৰ দায়িত্বও পালন কৰিছিল।

বাতৰি অনুসৰি, সোমবাৰে নাইকৰ গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি কোৱা হৈছে।

দুৰ্ঘটনাটোৰ ফলত মন্ত্ৰীগৰাকীৰ SUV গাড়ীখন সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা ছবি ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।