NORTHEAST NOW (Assamese)

মঙলবাৰে গান্ধী সংকল্প যাত্ৰাৰ মাজতে অসুস্থ ৰামেশ্বৰ তেলী; উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ প্ৰেৰণ

October 30, 2019 4:29 pm · এন ই নাও নিউজ
Updated: October 30, 2019 4:42 pm
ৰামেশ্বৰ তেলী। উৎস-ফেইচবুক

কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক দুৰ্বল স্বাস্থ্য জনিত কাৰণত মঙলবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ডিগবৈত এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা সময়তে হঠাৎ অসুস্থ অনুভৱ কৰাত তেলীক দলীয় কৰ্মীসকলে প্ৰথমতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

তেলীয়ে ডিগবৈত অনুষ্ঠিত হোৱা বিজেপিৰ সংকল্প যাত্ৰাটো অংশগ্ৰহণ কৰিছিল।

‘‘আমি ডিগবৈ টিংৰাইৰ পৰা হাপজানলৈ ১৪ কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিলো। সংকল্প যাত্ৰাৰ ৯ কিলোমিটাৰ সম্পূৰ্ণ হোৱাৰ পাছত মই এখন সভাত আধাঘণ্টাৰ বাবে ভাষণ দিছিলো আৰু ভাষণ দি থকাৰ মাজতে কিছু অসুস্থ অনুভৱ কৰিছিলো,’’ সংবাদ মাধ্যমৰ আগত তেলীয়ে কয়।

চিকিৎসকে গেছট্ৰিক জনিত কাৰণৰ বাবে এনে হোৱা বুলি উল্লেখ কৰি উন্নত চিকিৎসা গ্ৰহণৰ বাবে পৰামৰ্শ দিছে বুলি তেলীয়ে কয়।

‘‘এতিয়া মই সুস্থ হৈ উঠিছো।বুধবাৰে মাৰ্ঘেৰিটাত আৰু এখন গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিম,’’ তেলীয়ে লগতে কয়।

আনহাতে, তেলীয়ে নিজকে সুস্থ অনুভৱ কৰা বুলি  উল্লেখ কৰিলেও বুধবাৰে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে বিমানযোগে নতুন দিল্লীলৈ লৈ যোৱা হয়।

মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে বিজেপিৰ সভাপতি অমিত শ্বাহে ২ অক্টোবৰত নতুন দিল্লীত সমগ্ৰ দেশত গান্ধী সংকল্প যাত্ৰা মুকলি কৰিছিল।

 

Related News