আমেৰিকাৰ বিমান সংস্থাৰ নতুন চমক! আহি আছে ছুপাৰছনিক ফ্লাইট; কিমান হ’ব ইয়াৰ গতি?

2f05d50da7b1168a

প্ৰতিনিধিত্বমূলক ছবি।

আমেৰিকাৰ বিমান সংস্থা ইউনাইটেড এয়াৰলাইনছে বিমান পৰিবহনত নতুন চমক সৃষ্টিৰ বাবে আগবাঢ়িছে। ২০২৯চনত সংস্থাটোৱে সম্ভৱ কৰি তুলিব তেওঁলোকৰ এই অভিলাষী লক্ষ্য।

সংস্থাটোৱে দাবী কৰা মতে এই ছুপাৰছনিক বিমানত নিউয়ৰ্কৰ পৰা লণ্ডন পাবলৈ সময় লাগিব মাত্ৰ চাৰে তিনি ঘন্টা।

ইউনাইটেড এয়াৰলাইনছৰ চিইঅ’ স্কট কাৰ্বিয়ে জানিবলৈ দিছে যে তেওঁলোকৰ এই লক্ষ্য পূৰণ কৰিবলৈ তেওঁলোকে বুম ছুপাৰছনিক নামৰ এটা ষ্টাৰ্টআপ সংস্থাৰ পৰা ১৫খন ছুপাৰছনিক বিমান ক্ৰয় কৰিব।

ডেনভাৰৰ সেই ষ্টাৰ্টআপ সংস্থাৰ পৰা ইউনাইটেড এয়াৰলাইনছে ইয়াৰ ছুপাৰছনিক বিমান ‘অ’ভাৰচাৰ’ ক্ৰয়ৰ চুক্তি কৰিছে। চুক্তি অনসৰি আৰু ৩৫খন ছুপাৰছনিক বিমান ক্ৰয়ৰ অপশ্যনো ৰখা হৈছে।

এই পৰিকল্পনা বাস্তৱায়িত হ’লে বিমান পৰিবহন ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হ’ব বুলি কোৱা হৈছে। শব্দতকৈ দুগুণ গতিবেগত আকাশমাৰ্গত চলিব পৰা ছুপাৰছনিক বিমানেৰে নিউয়ৰ্কৰ পৰা লণ্ডন পাবলৈ মাত্ৰ চাৰে ৩ ঘন্টা সময় লাগিব। বৰ্তমান এই দূৰত্ব অতিক্ৰম কৰিবলৈ লাগে চাৰে ৬ঘন্টা সময়।

অৱশ্যে, এই চমকক আদৰণি জনালেও একাংশ বিশেষজ্ঞই ইয়াৰ ৰূপায়নৰ সময়সীমাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এই পৰিকল্পনাক লৈ মাইকেল মেৰল’জ নামৰ এগৰাকী পৰামৰ্শদাতাই কয় যে পৰিকল্পনাটো আকৰ্ষণীয় যদিও এইক্ষেত্ৰত বাস্ততবাদী হোৱা প্ৰয়োজন।

তেওঁৰ মতে গোটেই পৰিকল্পনাটো বাস্তৱায়িত কৰিবলৈ কমেও ১হাজাৰৰ পৰা ১৫হাজাৰ কোটি ডলাৰ বিনিয়োগৰ প্ৰয়োজন হ’ব। সেয়ে, তেওঁৰ মতে বাণিজ্যিকভাৱে এই বিমান সেৱা আৰম্ভ হ’বলৈ ২০২৯ নহয়, ২০৩৫-৪০ চন পৰ্যন্ত অপেক্ষা কৰিব লাগিব।