• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পানীৰ পৰা প্লাষ্টিক ফিল্টাৰ কৰিব চুম্বকে; খোৱাপানী বিশুদ্ধ কৰিবলৈ নতুন উদ্ভাৱন ‘নেনো-মেগনেট’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2024 11:52 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্লাষ্টিকৰ বটলভৰ্তি পানীত গুড়ি প্লাষ্টিকৰ কণা মিহলি থাকে বুলি ইতিমধ্যে বিজ্ঞানীসকলে তথ্য দিছে। শেহতীয়া গৱেষণাৰ পৰাও দেখা গৈছে যে প্লাষ্টিকৰ বটলত পানীৰ লগত বহু পৰিমাণে প্লাষ্টিকৰ কণা মিহলি হৈ থাকে। এই গুড়ি প্লাষ্টিক পানী খোৱাৰ সময়ত শৰীৰত প্ৰৱেশ কৰি শৰীৰত বিষাক্ত পদাৰ্থৰ মাত্ৰা বহুগুণে বৃদ্ধি কৰে।

খোৱাপানীক প্লাষ্টিকমুক্ত কৰাৰ এক আচৰিত আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে। পানীৰ পৰা প্লাষ্টিক ফিল্টাৰ কৰি উলিয়াই দিব চুম্বকে! প্লাষ্টিকৰ কণিকাৰ দৰে সুক্ষ্ম এই চুম্বক। ইয়াৰ সৈতে স্পৰ্শ কৰাৰ লগে লগে গুড়ি গুড়ি মাইক্ৰ’প্লাষ্টিক নিৰ্মূল হ’ব।

কেন্টাকি মাৰ্টিন বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক-গৱেষকসকলে এক প্ৰকাৰৰ নেন’-মেগনেট উদ্ভাৱন কৰিছে যিয়ে মাইক্ৰ’প্লাষ্টিক নামৰ প্লাষ্টিকৰ অণুবীক্ষণিক কণাবোৰ ফিল্টাৰ কৰাত সহায় কৰিব।

‘ছায়েন্টিফিক ৰিপোৰ্টছ’ নামৰ বিজ্ঞান আলোচনীখনত এই গৱেষণাৰ খবৰ প্ৰকাশ পাইছে। ব্ৰিটেইনৰ কেমিকেল এণ্ড মেটেৰিয়েল ইঞ্জিনিয়াৰিং বিভাগৰ গৱেষকসকলো কেন্টাকি বিশ্ববিদ্যালয়ৰ সৈতে এই গৱেষণাৰ সৈতে জড়িত।

গৱেষণাৰ পাৰ্শ্বচিত্ৰ। ফটোঃ সংগ্ৰহীত।

কেন্টাকি বিশ্ববিদ্যালয়ৰ গৱেষক জেৰেনা ক্ৰফচেকে কয় যে এই নেনো-মেগনেটৰ নাম NADES। এই চুম্বক বহুখিনি পানীৰ লগত মিহলি হ’লে ই তৰল হৈ পৰিব। তাৰ পিছত এটা এটাকৈ পানীত মিহলি হৈ থকা গুড়ি প্লাষ্টিকবোৰ ফিল্টাৰ কৰি উলিয়াই দিব। আনকি অতি সুক্ষ্ম প্লাষ্টিকৰ কণাবোৰো এই চুম্বকটোৰ স্পৰ্শত লাগি ধৰিব।

অতি সূক্ষ্ম প্লাষ্টিকৰ কণাবোৰক নেন’প্লাষ্টিক বোলা হয়। গৱেষণাৰ মতে ১ লিটাৰ প্লাষ্টিকৰ বটলত ভৰোৱা পানীত (৩৩ আউন্স) কমেও ২ লাখ ৪০ হাজাৰ প্লাষ্টিকৰ কণা মিহলি হৈ থাকে। ইয়াক খালী চকুৰে দেখা পোৱা নাযায়। পানীৰ সৈতে শৰীৰত প্ৰৱেশ কৰি তেজৰ লগত মিহলি হয়। ৫ মিলিমিটাৰতকৈ সৰু প্লাষ্টিকৰ যিকোনো অংশক মাইক্ৰ’প্লাষ্টিক বোলা হয়।

ইয়াৰ পূৰ্বে মানুহৰ কোষত, পৰীক্ষাগাৰৰ প্ৰাণীত আৰু সাগৰীয় প্ৰাণীৰ শৰীৰত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। কিন্তু জীৱিত মানুহৰ ওপৰত এই প্ৰদূষকৰ ভূমিকা এতিয়াও জানিব পৰা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পোৱাৰ পিছত বিজ্ঞানীসকলে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে।

গৱেষণাৰ আঁৰৰ বিজ্ঞানী। ফটোঃ সংগ্ৰহীত।

গৱেষকসকলে কয় যে খাদ্য আৰু পানীৰ জৰিয়তে প্লাষ্টিকৰ কণাবোৰ শৰীৰত প্ৰৱেশ কৰে। বিশেষকৈ প্লাষ্টিকৰ বটলত পলিইথাইলিন টেট্ৰাফ্যালেট থাকে, যাৰ সুক্ষ্ম কণাবোৰ বটলত ভৰোৱা পানীৰ সৈতে মিহলি হৈ থাকে। শুকান খাদ্য পেকিং কৰা প্লাষ্টিকত পলিলেক্টিক এচিড থাকে। এই ধৰণৰ প্লাষ্টিক ফুড কন্টেইনাৰবোৰতো ব্যৱহাৰ কৰা হয়।

গৱেষণাৰ পৰা দেখা গৈছে যে এই মাইক্ৰ’প্লাষ্টিকতকৈও সুক্ষ্ম নেন’প্লাষ্টিক বটলৰ পানীত পোৱা গৈছে। ইহঁতৰ দৈৰ্ঘ্য ১ৰ পৰা ৫০০০ মাইক্ৰ’মিটাৰৰ দৰে। মানুহৰ মূৰৰ চুলিতকৈ মিহি। প্লাষ্টিকৰ বটলৰ পানীত এই মিহি প্লাষ্টিকৰ কণাবোৰ থাকে যিবোৰ শৰীৰত প্ৰৱেশ কৰে। নেনো-মেগনেটে এই প্লাষ্টিক কণাবোৰ ফিল্টাৰ কৰি পানী বিশুদ্ধ কৰাৰ কাম কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

September 5, 2025 9:32 pm
অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

September 5, 2025 8:30 pm
আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

September 5, 2025 8:06 pm
মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

September 5, 2025 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

September 5, 2025 9:32 pm
অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

September 5, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd