NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা বাছ ষ্টেণ্ডৰ সন্মুখত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

November 12, 2020 3:53 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটা নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখত বুধবাৰে এগৰাকী পুৰুষৰ মৃত্যুদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়।

প্ৰথম অৱস্থাত অচিনাক্ত ব্যক্তিজনক পাছত  লেখাপানী নিবাসী গোম্বা মন্দিৰৰ সমীপৰ ৰাজেশ সোনাৰ (৫২) বুলি চিনাক্ত কৰা হয়।

ডিগবৈ এ অ ডি’ৰ ঠিকাভিত্তিক শ্ৰমিক হিচাপে কৰ্মৰত ব্যক্তিজন বুধবাৰে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিল।

কি পৰিস্থিতি ৰাজেশে এনেদৰে অকাল মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল তাক লৈ স্থানীয় ৰাইজৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে ৰাজেশৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি গৈছে দুৰ্ভগীয়া ৰাজেশ সোনাৰে।

ঠিকাভিত্তিক শ্ৰমিক গৰাকীৰ অকাল মৃত্যুত লেখাপানী অঞ্চলত শোকৰ ছাঁ‌ পৰিছে।

Related News