NORTHEAST NOW (Assamese)

আনলক গুৱাহাটী: দোকান, প্ৰতিষ্ঠানত তাৎক্ষণিকভাৱে বাধ্যতামূলক নহয় ক’ভিড টেষ্টৰ ৰিপ’ৰ্ট

July 19, 2020 11:17 pm · এন ই নাও নিউজ

গুৱাহাটীত ২০ জুলাইৰ পৰা হ’ব লগা আনলক-১ত খুলিবলৈ অনুমতি দিয়া দোকান, প্ৰতিষ্ঠানসমূহে তাৎক্ষণিকভাৱে ক’ভিড১৯ টেষ্টৰ ৰিপ’ৰ্ট প্ৰদৰ্শন কৰিব নালাগে।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই সন্দৰ্ভত দেওবাৰে এক নিৰ্দেশ জাৰি কৰিছে।

সেই অনুসৰি দোকান, প্ৰতিষ্ঠানসমূহ ৫০শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব আৰু তাৎক্ষণিকভাৱে তেওঁলোকে ক’ভিডৰ ফলাফল প্ৰদৰ্শন কৰিব নালাগে।

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নিৰ্দেশনা অনুসৰি আনলকৰ সময়চোৱাত কিদৰে খোলা হ’ব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ  সেই সম্পৰ্কে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিছে কিছু নীতি-নিয়ম৷

জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা অনুসৰি সোমবাৰে পথৰ সোঁ-কাষৰ দোকানসমূহ মুকলি হ’ব। মঙলবাৰে পথৰ বাওঁ-কাষৰ দোকানসমূহ মুকলি কৰিব পাৰিব।

পল্টন বজাৰৰ পৰা খানাপাৰালৈ সোঁ-কাষৰ দোকান মুকলি হ’ব। একেদৰে জালুকবাৰী পৰা নুনমাটিলৈ। জালুকবাৰীৰ পৰা ভিআইপি ৰোড হৈ আজাৰা। ছয়মাইল-নাৰেংগি লৈ সোঁ-কাষৰ দোকানসমূহ মুকলি কৰিব পাৰিব।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কামৰূপ(ম) জিলা চেম্বাৰচ অৱ কমাৰ্চৰ সভাপতি আৰু ব্যৱসায়ী সন্থাসমূহৰ সৈতে বৈঠকৰ পাছতে ঘোষণা কৰে এই নিয়মৰ কথা।

গুৰুত্বপূৰ্ণ এই যে অহা সপ্তাহত একে নিয়ম বাহাল থাকিব জিলাখনত।

Related News