সন্তানৰ লালনৰ বাবে অবিবাহিত চৰকাৰী পুৰুষ চাকৰিয়ালেও লাভ কৰিব ছুটি! : পিছে কেনেকৈ? জানিবলৈ পঢ়ক

jitendra-singh-pti

এতিয়াৰে পৰা সন্তান লালনৰ বাবে অবিবাহিত চৰকাৰী পুৰুষ চাকৰিয়ালেও ছুটি লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই ঘোষণা কৰিছে।

মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰি কয় যে এই সম্পৰ্কীয় বিলখন ২০১৮ চনতে গৃহীত কৰা হৈছিল যদিও ইয়াৰ সম্পৰ্কে বৰ বিশেষ অৱগত নহয় দেশৰ জনতা।

এই সম্পৰ্কে কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে

১. শিশুৰ যতন ল’বলৈ সাধাৰণতে মহিলা কৰ্মচাৰীৰ বাবে ছুটি প্ৰদান কৰা হয়। কিন্তু ইয়াৰ জৰিয়তে সন্তানৰ বয়স ১৮ বছৰ হোৱাৰ পূৰ্বে এজন পুৰুষ কৰ্মচাৰীয়ে নিজৰ সুবিধা অনুযায়ী সৰ্বাধিক দুবছৰৰ ছুটি লাভ কৰিব।

২. দৰমহাসহ এই ছুটি লাভ কৰিব চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে।

৩. কিন্তু এটা বছৰতে তৃতীয়বাৰ বাবে এই ছুটি ল’ব নোৱাৰিব পুৰুষ কৰ্মচাৰীয়ে।

৪. ২০১৮ চনতেই পাছ হোৱা এই নিয়ম কেৱল অকলশৰীয়া চৰকাৰী পুৰুষ কৰ্মচাৰীৰ বাবেহে চৰকাৰে প্ৰৱৰ্তন কৰিছে। মন্ত্ৰী গৰাকীৰ মতে এই সম্পৰ্কে চৰ্চাহে হোৱা নাই।

৫. ৭৩০ দিনৰ ছুটিৰ প্ৰথম ৩৬৫ দিনৰ ছুটিত কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা লাভ কৰিব। বাকী ৩৬৫ দিনৰ ছুটিত ছুটি লোৱা কৰ্মচাৰীজনে লাভ কৰিব ৮০ শতাংশ দৰমহা।

৬. বিপত্নীক, ডিৰ্ভোছী আৰু অবিবাহিত চৰকাৰী পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব এই ছুটি।

৭. শিশুৰ যতনৰ বাবে ছুটি বিচাৰি পুৰুষ কৰ্মচাৰীজনে বিভাগীয় উদ্ধৰ্তন কৰ্তৃপক্ষৰ পৰা অনুমোদন কৰোৱাই আনিব লাগিব বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

৮. এই ছুটিত থাকিলেও কৰ্মচাৰীয়ে লিভ ট্ৰেভেল কনচেশ্যন(LTC) লাভ কৰিব।

৯. যদি সন্তানটো বিশেষভাৱে সক্ষম হয়, তেনে ক্ষেত্ৰত পুৰুষ কৰ্মচাৰী তথা অভিভাৱকজনে এই ছুটি সন্তানৰ বয়স ২২ বছৰ হোৱালৈকে লাভ কৰিব পাৰিব।

১০. কৰ্মচাৰীসকলৰ জীৱনটো যাপন কৰিবলৈ সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে এই নিয়ম প্ৰৱৰ্তন কৰা বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।