NORTHEAST NOW (Assamese)

মৃত্যুৰ পূৰ্বে ধৰ্ষণকাৰীৰ ফাঁচী চাই যাব বিচাৰিছিল উন্নাওৰ ধৰ্ষিতা যুৱতীয়ে

December 7, 2019 10:39 am · এন ই নাও নিউজ

মৃত্যুৰ পূৰ্বে উন্নাওৰ ২৩ বছৰীয়া ধৰ্ষিতা যুৱতীগৰাকীয়ে কৈছিল,’’মই এতিয়াই মৰিব নিবিচাৰো। ধৰ্ষণকাৰীক ফাঁচীত ওলোমোৱা চাই যাব বিচাৰো’। সেয়াই আছিল যুৱতীগৰাকীৰ শেষ ইচ্ছা।

মৃত্যুশয্যাৰ পৰাই কাতৰ যুৱতীগৰাকীয়ে আহ্বান জনাইছিল যাতে অপৰাধী এজনো সাৰি নাযায়। কিন্তু তেওঁৰ ইচ্ছা পূৰণ হোৱাৰ পূৰ্বে মৃত্যুক সাৱটি ল’লে যুৱতীগৰাকীয়ে।

শুকুৰবাৰে নিশা দিল্লীৰ ছফদৰজং হাস্পাতলত উন্নাওৰ অগ্নিদগ্ধ ধৰ্ষিতা যুৱতীগৰাকীৰ মৃত্যু হয়।

যোৱাবছৰ উত্তৰ প্ৰদেশৰ উন্নাওৰ এখন গাঁৱত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল তেইশ বছৰীয়া যুৱতীগৰাকী।

পৰৱৰ্তী সময়ত স্থানীয় আদালতৰ নিৰ্দেশত গাঁৱৰ দুজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। ইয়াৰে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও কিছুদিনৰ পাছতে জামিন লাভ কৰে।

জামিন পোৱাৰ পাছতে সেই পাষণ্ডই প্ৰতিশোধ পূৰণৰ চেষ্টা চলায়। নিৰ্যাতিতা যুৱতীগৰাকীৰ গাত মুকলিকৈ জুই জ্বলাই দিয়া হয়।

হাস্পাতলত ৪০ঘন্টা মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পাছত যুৱতীগৰাকীয়ে মৃত্যুক সাৱটি লয়। এই মৰ্মান্তিক মৃত্যুৰ আগ মুহূৰ্তলৈকে জীয়াই থাকিব বিচাৰিছিল যুৱতীগৰাকীয়ে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা সাক্ষাৎকাৰত নিৰ্যাতিতা যুৱতীগৰাকীৰ ভাতৃয়ে কয়,’’তাই কৈছিল, মোক মৰিবলৈ নিদিব। মোক বচোৱা। যিয়ে মোৰ লগত এনেকুৱা কৰিছে সিঁহতৰ মৃত্যুদণ্ড চাই যাব বিচাৰো।‘’

মৃত যুৱতীগৰাকীৰ  পৰিয়ালৰ লোকেও ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড বিচাৰিছে। তেওঁলোকে অভিযোগ কৰা মতে, নিৰ্যাতিতা যুৱতীৰ পাছত তেওঁলোককো প্ৰাণনাশৰ ভাবুকি দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱাবছৰ ১২ ডিচেম্বৰত উন্নাও জিলাৰ এখন গাঁৱত যুৱতীগৰাকী ধৰ্ষণৰ বলি হৈছিল। চলিত বছৰৰ মাৰ্চ মাহত তেওঁ আৰক্ষীক অভিযোগ দাখিল কৰিছিল।

যুৱতীগৰাকীয়ে শিবম আৰু শুভম ত্ৰিবেদী নামৰ দুজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ইয়াৰে এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জামিনত মুক্তি লাভ কৰিছিল।

যোৱা বৃহস্পতিবাৰে গোচৰটোৰ শুনানিৰ বাবে আদালতলৈ গৈছিল নিৰ্যাতিতা যুৱতীগৰাকী। সেই সময়তে অভিযুক্ত ধৰ্ষণকাৰীয়ে তাইৰ শৰীৰত কেৰাচিন ঢালি জুই লগাই দিছিল।

শৰীৰৰ প্ৰায় ৯০ শতাংশ জ্বলা অৱস্থাতে এক কিলোমিটাৰ দৌৰি যুৱতীগৰাকী আৰক্ষীৰ ওচৰত উপস্থিত হৈছিল।

প্ৰথমতে স্থানীয় হাস্পাতলত ভৰ্তি কৰাৰ পাছত দিল্লীৰ ছফদৰজং হাস্পাতললৈ স্থানান্তৰিত কৰা হৈছিল যুৱতীগৰাকীক। ইয়াতেই শুকুৰবাৰে যুৱতীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Related News