ন্যায্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ অনিৰ্দিষ্টকালীন অনশন

অসম চৰকাৰৰ ভূৱা আশ্বাস আৰু মিছা প্ৰতিশ্ৰুতিৰে বাৰম্বাৰ প্ৰতাৰিত হৈ আছে শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষক। যোৱা ৬ আগষ্টত অনুষ্ঠিত হোৱা  প্ৰতিবাদী সভাখনত  বেতন বঞ্চিত শিক্ষকসকলে শিৱসাগৰ জিলা প্ৰশাসনৰ যোগেদি চৰকাৰলৈকে পত্ৰ প্ৰেৰণ কৰি ১৪ আগষ্টৰ দিনা দিনৰ ১০ বজাৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সৈতে বেতন বঞ্চিত শিক্ষকৰ এখন বৈঠক অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছিল।

চৰকাৰক দিয়া এই সময়সীমা অতিক্ৰম কৰাৰ পাছতো ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ বাবে আজিৰে পৰা পুনৰ আন্দোলনৰ কাৰ্য্যসুচী হাতত লৈছে বঞ্চিত শিক্ষকসকলে ।

আজিৰে পৰা শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সমিতি আৰু যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত অনিদিষ্টকালীন আমৰণ অনশনৰ কাৰ্য্যসুচী  আৰম্ভ কৰা হয়।

আমৰণ অনশনত বহাৰ আগতে বেতন বঞ্চিত শিক্ষকসকলে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সু-স্বাস্থ্য  আৰু সু- বুদ্ধি উদয়ৰ বাবে ঐতিহাসিক শিৱদ’লত ধূপ চাকি-জ্বলাই পূজা অৰ্চনা কৰাৰ লগতে অনশন স্থলিত গীতাপাঠ কৰি অনশনৰ কাৰ্য্যসূচী আৰম্ভ কৰে।

অনশনত বহা শিক্ষক সকলৰ দাবী সমুহ হৈছে—  (১) শিক্ষকসকলক কাৰণ দৰ্শোৱাৰ জাননী তাৎক্ষণিক ভাৱে বাতিল কৰা, (২) আয়ুক্ত পৰ্যায়ৰ এক পক্ষীয় ত্ৰুতিপূৰ্ণ তদন্তৰ প্ৰতিবেদন বাতিল কৰা, (৩) অনাদায় হৈ থকা বেতন আদায় দিয়া আৰু মাহৰ বেতন মাহে মাহে দিয়াৰ ব্যৱস্থা কৰা,  (৪)মুখ্যমন্ত্ৰী মহোদয়ে সন্থাৰ লগত আলোচনাত বহিম বুলি ২৬ জুলাই তাৰিখে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা তথা বিগত নিৰ্বাচনৰ আগতে বেতন বঞ্চিত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব বুলি প্ৰদান কৰা ৰাজহুৱা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা আৰু (৫) বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা আৰু মৃত্যুবৰণ কৰা শিক্ষকসকলৰ পৰিয়ালক ন্যায্য প্ৰাপ্য আদায় দিয়া ।