অনিৰ্দিষ্টকালীন অনশনত বহা শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ কাষত মন্ত্ৰী কেশৱ মহন্ত

FB_IMG_1534271559971

অসম চৰকাৰে দিয়া প্ৰতিশ্ৰতি আৰু সময়সীমা অতিক্ৰম কৰাৰ পাছতো বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধান নকৰাত মঙলবাৰৰ পৰা পুনৰ আন্দোলনৰ কাৰ্য্যসুচী হাতত লৈছে শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকসকলে।

উল্লেখ্য যে কালি দিনৰে পৰা শিৱসাগৰৰ ১৫৩০ গৰাকী শিক্ষকে আৰম্ভ কৰা অনশন স্থলীত নিশা হঠাতে উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ কাষত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে বুজ লয় আৰু সমগ্ৰ বিষয়টো মুখ্য মন্ত্ৰী সোণোৱালক অৱগত কৰি বিষয়টো নিষ্পত্তি কৰাৰ চেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে শিৱসাগৰলৈ যোৱা জলসম্পদ মন্ত্ৰী মহন্তই শিক্ষকসকলে গ্ৰহণ কৰা অনশন কাৰ্যসূচীৰ কথা গম পাই লগে লগে শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সৈতে অনশনস্থলীত উপস্থিত হৈ তেওঁলোকৰ দাবী-সমস্যা সমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় আগবঢ়াব বুলি মন্তব্য কৰে।

আনহাতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইয়ো অনশনস্থলীত উপস্থিত হৈ অনশনকাৰী শিক্ষক সকলৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়।

উল্লেখ্য যে যোৱা ৬ আগষ্টত অনুষ্ঠিত হোৱা  প্ৰতিবাদী সভাত  বেতন বঞ্চিত শিক্ষকসকলে শিৱসাগৰ জিলা প্ৰশাসনৰ যোগেদি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি ১৪ আগষ্টৰ দিনৰ ১০ বজাৰ ভিতৰত মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সৈতে বেতন বঞ্চিত শিক্ষকৰ এখন বৈঠক অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছিল।

কিন্তু সিক্ষকসকলে বান্ধি দিয়া সময়সীমা উকলি যোৱাত পুনৰ কালিৰ পৰা শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে।