বোকাখাতৰ যোগানন্দ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় (জে ডি এছ জি মহাবিদ্যালয়) ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ আজি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। উদণ্ড ছাত্ৰৰ আক্ৰমণৰ পৰা সাৰি নগ’ল মহকুমা আৰক্ষীৰ বিভাগৰ গাড়ীও।
জানিব পৰা মতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে মঙলবাৰে মনোনয়ন পত্ৰ দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল আৰু সেই মতে মনোনয়নো দাখিল কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে। কিন্তু মনোনয়নৰ শেষত এটা বিশেষ ছাত্ৰ সংগঠনৰ দ্বাৰা সমৰ্থিত আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনোনয়ন পত্ৰ নাকচ হয়।
ফলত ছাত্ৰ সংগঠনটোৰ ক্ষুব্ধ সমৰ্থকে আজি মহাবিদ্যালয়খনত প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদৰ ফলত মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উদণ্ড ছাত্ৰই মহাবিদ্যলয়ৰ নটিচ বৰ্ড ভঙাৰ লগতে পৰস্পৰৰ লগত মাৰ-পিটত লিপ্ত হয়।
আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাবিদ্যালয়লৈ যোৱা মহকুমা আৰক্ষী বিষয়াৰ গাড়ীও আগচি ধৰে ছাত্ৰসকলে ৷
প্ৰাপ্য তথ্য মতে ছাত্ৰ একতা সভাৰ মুঠ ১৬ পদৰ বাবে মুঠ ৪১ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। আজি ঘোষণা কৰা মনোনয়নৰ ফলাফলত ইয়াৰে ২৬জনৰ মনোনয়ন নাকচ হয়। মনোনয়ন নাকচ হোৱা অধিক সংখ্যকেই আছিল দুটা বিশেষ ছাত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী।
ইফালে ঘটনাৰ পাছত আজি মহাবিদ্যালয় কৰ্তৃপক্ষই লিংডো সমিতিৰ ৰায়দানৰ আধাৰতেই নিৰ্বাচন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়ন্ত দাসে জনোৱা মতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলেও পূৰ্ব নিৰ্ধাৰিত সময়তেই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
ঘটনাৰ সম্পৰ্কত ১৫ জন ছাত্ৰৰ নাম উল্লেখ কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও ঘটনা সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কাকো আটক কৰা নাই।