ম্যানমাৰ সেনা প্ৰশাসকক কঠোৰ সকীয়নি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ : চ্যু কীক মুক্তিৰ দাবী

index.jpgll

ফ'টো- ৰয়টাৰ

ম্যানমাৰৰ সেনা অভ্যুত্থানৰ পিছত যথেষ্ট কঠোৰ হৈছে ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদ।

নিৰাপত্তা পৰিষদে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া ৰাষ্ট্ৰখনৰ সেনা প্ৰশাসক কঠোৰ সকীয়নি প্ৰদান কৰি অতি শীঘ্ৰেই নেত্ৰী আং চান চ্যু কীসহ অন্যান্য গণতন্ত্ৰকামী নেতাসকলক মুকলি কৰিবলৈ দাবী কৰিছে জনাইছে।

সমগ্ৰ বিশ্ব সম্প্ৰদায়েও ম্যানমাৰৰ সেনা অভ্যুত্থানক কঠোৰ গৰিহণাৰ দিয়াৰ লগতে জুণ্টা প্ৰশাসনক নিন্দাও কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে এক বিবৃতিৰ যোগে ম্যানমাৰৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ সকীয়নি প্ৰদান কৰিছে।

ইফালে ভাৰত, ব্ৰিটেইনসহ পশ্চিমীয়া দেশসমূহে ম্যানমাৰ সেনা অভ্যুত্থানত গভীৰ উদ্বেগ প্ৰকাশ কৰি দেশখনত গণতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰি গণতন্ত্ৰকামী নেত্ৰী শান্তিৰ নোবেল বঁটা বিজয়ী আং চান চ্যু কীসহ আন নেতাসকলক মুকলি কৰিব দিবলৈ দাবী জনাইছে জুণ্টা প্ৰশাসনক।

ইফালে প্ৰতিবেশী চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই ঘোষণা কৰিছে যে ম্যানমাৰত যিয়ে নঘটক কিয় চীন সদায় ম্যানমাৰৰ সৈতে থাকিব। চীনৰ এই স্থিতিয়ে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ তাৎপৰ্য বহন কৰিছে। ম্যানমাৰৰ অতি ঘনিষ্ঠৰূপে পৰিচিত শক্তিধৰ ৰাষ্ট্ৰখনৰ এই স্থিতিয়ে ম্যানমাৰৰ জুণ্টা প্ৰশাসনক উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে।

এনে এক পৰিস্থিতিতে বৃহস্পতিবাৰে নিৰাপত্তা পৰিষদে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত নিৰাপত্তা পৰিষদে কয় “১ ফেব্ৰুৱাৰিৰ ম্যানমাৰৰ সামৰিক অভ্যুত্থানে আমাক উদ্বগ্ন কৰি তুলিছে। অন্যায়ভাৱে চ্যু কীসহ চৰকাৰৰ সদস্যসকলক আটক কৰা হৈছে। তেওঁলোকক অতি শীঘ্ৰেই মুক্তি কৰি দিয়ক।”

উল্লেখ্য যে, যোৱা সোমবাৰে ম্যানমাৰ সেনাৰ অভ্যুত্থানৰ দ্বাৰা চ্যু কী ক্ষমতাচ্যুত কীসহ সহযোগীসকলক ম্যানমাৰৰ সামৰিক প্ৰশাসকে আটক কৰি ৰাখিছে।