NORTHEAST NOW (Assamese)

অস্পৃশ্যতা, অন্ধবিশ্বাস! মাহেকীয়া হোৱাৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত বিজ্ঞানৰ পৰীক্ষা দিবলৈ কোৱা হ’ল স্কুলীয়া ছাত্ৰীক

April 10, 2025 4:14 pm · এন ই নাও নিউজ, গুৱাহাটী

মাহেকীয়া হোৱাৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত বিজ্ঞানৰ পৰীক্ষা দিবলৈ বাধ্য হ’ল এগৰাকী ছাত্ৰী। জানিব পৰা মতে, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে তামিলনাডুৰ কইম্বাটুৰৰ চেংগুটাই অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি আছে।

ইতিমধ্যে শ্ৰেণীকোঠাৰ বাহিৰত বহি পৰীক্ষা দি থকা ভিডিঅ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ছাত্ৰীগৰাকীয়ে শ্ৰেণীকোঠাৰ বাহিৰত বহি থকা দেখি ছাত্ৰীগৰাকীৰ মাতৃয়ে কি হ’ল সোধাত ছাত্ৰীগৰাকীয়ে কয় যে স্কুলৰ অধ্যক্ষৰ নিৰ্দেশত তেওঁ বাহিৰত বহি পৰীক্ষা দিছে। মাহেকীয়া হৈ থকাৰ বাবেই তেওঁক শ্ৰেণীকোঠাৰ বাহিৰত বহি পৰীক্ষা দিবলৈ নিৰ্দেশ দিয়া হৈছে।

স্বাভাৱিকতে মাতৃগৰাকীয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল যে ছোৱালীজনীক কেনেকৈ মাহেকীয়াৰ সময়ত বাহিৰত বহি পৰীক্ষা দিবলৈ কোৱা হৈছে?

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ এখন বালিকা বিদ্যালয়ৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক এঘণ্টা শ্ৰেণীকোঠাৰ বাহিৰত থাকিবলৈ কোৱা হৈছিল। তাইৰ অপৰাধ আছিল যে শনিবাৰে পৰীক্ষাৰ সময়ত তাই চেনিটেৰী নেপকিন বিচাৰিছিল।

ছোৱালীজনীৰ পিতৃয়ে এজাহাৰ দাখিল কৰি কয় যে তেওঁৰ কন্যাই স্কুলত পৰীক্ষাৰ সময়ত মাহেকীয়া আৰম্ভ হ’ব বুলি গম পোৱা নাছিল।

অভিযোগত উল্লেখ কৰা হৈছে যে অধ্যক্ষৰ ওচৰত চেনিটেৰী নেপকিন বিচৰাৰ পিছত প্ৰায় এঘণ্টা ধৰি শ্ৰেণীকোঠাৰ বাহিৰত থিয় হ’বলৈ কোৱা হৈছিল। পিছত ছাত্ৰীগৰাকীৰ পিতৃয়ে মহিলা কল্যাণ বিভাগ, জিলা মহিলা আয়োগ, জিলা দণ্ডাধীশ, জিলা বিদ্যালয় পৰিদৰ্শকক অভিযোগ দাখিল কৰে। খবৰ অনুসৰি ইয়াৰ পিছতে এই ঘটনাৰ আনুষ্ঠানিক তদন্ত আৰম্ভ হৈছে। কিন্তু এই ঘটনাৰ পিছত এইবাৰ তামিলনাডুত তদ্ৰুপ ঘটনা সংঘটিত হোৱাক লৈ এতিয়া হৈছৈৰ সৃষ্টি হৈছে।

Related News