• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্কেটিং! শীতল পানীয়ৰ লাভৰ টকাৰে নিৰ্মাণ হৈছে মছজিদ? এইটোৱে নেকি ‘চৰবত জেহাদ’! দাবী ৰামদেৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2025 5:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিতৰ্কত যোগ গুৰু ৰামদেৱ। এইবাৰ তেওঁৰ ‘চৰবত জেহাদ’ মন্তব্যৰ সৌজন্যত। বাবা ৰামদেৱৰ দাবী যে ভাৰতৰ এটা নিৰ্দিষ্ট চৰবত নিৰ্মাণ আৰু বিপণন কোম্পানীয়ে এই চৰবত জেহাদ আৰম্ভ কৰিছে। কাৰণ, তেওঁলোকে চৰবত বজাৰত বিক্ৰী কৰি হোৱা লাভৰ টকাৰে ভাৰতত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰি আছে!

অৰ্থাৎ ৰামদেবৰ বক্তব্য যে সেই চৰবত সাধাৰণ জনতাই পান কৰিলে ভাৰতত মছজিদ-মাদ্ৰাছাৰ সংখ্যা বাঢ়িব। তাৰ বিপৰীতে যদি তেওঁলোকে পতঞ্জলি সংস্থাৰ চৰবত পান কৰে, যিটো যোগগুৰুজনাৰ নিজা সংস্থা, তেন্তে মাদ্ৰাছাৰ সলনি ভাৰতত গুৰুকুল, আচাৰ্যকুল, পতঞ্জলি বিশ্ববিদ্যালয়ৰ স্থাপন হ’ব!

Apply Now

ৰামদেবৰ এই ভিডিঅ’ বাৰ্তা ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনৰ এক বৃহৎ অংশই ৰামদেৱৰ এই বক্তব্যক সমালোচনা কৰে। বহুতে কৈছে যে হয়তো পতঞ্জলিৰ ব্যৱসায় ভাল নহয়। সেইবাবেই বাবাজীয়ে এই সকলোবোৰ কৈছে! কিছুমানৰ মতে তেওঁ বাবাজী, গতিকে তেওঁ সকলো ক’ব পাৰে! কোনোবাই আকৌ মন্তব্য কৰে, “বাবাজীক কোনোবাই ৰখাওক!”

উল্লেখ্য যে ইমান বিতৰ্কৰ সৃষ্টি কৰা ভাইৰেল ভিডিঅ’টো প্ৰথমে ‘পতঞ্জলি প্ৰডাক্টছ’ নামৰ পেজৰ পৰা ছ’চিয়েল মিডিয়াত – অৰ্থাৎ ফেচবুকত পোষ্ট কৰা হৈছিল। ইয়াৰ উপৰিও হিন্দী ভাষাত লিখা কেপচন আছিল। যাৰ অৰ্থ – ‘চৰবত জেহাদ আৰু শীতল পানীয়ৰ নামত যিবোৰ বিষ আৰু টয়লেট ক্লিনাৰ বিক্ৰী কৰা হৈছে, তাৰ পৰা আপোনাৰ পৰিয়াল আৰু নিৰীহ সন্তানক বচাওক। ঘৰলৈ কেৱল পতঞ্জলিৰ চৰবত আৰু জুচ লৈ আহক।”

এই ভিডিঅ’টোত ৰামদেৱে কোৱা শুনা যায় যে, ‘গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয়ৰ নামত মানুহে যি পান কৰিছে, সেয়া আচলতে টয়লেট ক্লিনাৰ।’ এফালে টয়লেট ক্লিনাৰৰ দৰে বিষৰ আক্ৰমণ, আনফালে চৰবত বিক্ৰী কৰা এটা কোম্পানী। তেওঁলোকে তাৰ উপাৰ্জনৰ ধনেৰে মছজিদ-মাদ্ৰাছা নিৰ্মাণ কৰি আছে। ঠিক আছে। সেইটোৱেই তেওঁলোকৰ ধৰ্ম।’

জ্ঞাত সূত্ৰই জনোৱা মতে, এই ক্ষেত্ৰত ৰামদেৱে প্ৰকৃততে এটা বহুদিনীয়া পুৰণি সংস্থা – হামদৰ্দক লক্ষ্য কৰি ল’ব বিচাৰিছে। তেওঁলোকৰ প্ৰস্তুত কৰা – ৰুহ আফজা – ভাৰতৰ বজাৰত বহু দশক ধৰি বিক্ৰী হৈ আহিছে। সেই ধনেৰে মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰিছে ৰামদেৱে।

তাৰপিছতে বাবা ৰামদেবে কয়, “যদি ৰাইজে কেৱল পতঞ্জলিয়ে প্ৰস্তুত কৰা চৰবত খায়, তেন্তে আৰু মছজিদ বা মাদ্ৰাছা নিৰ্মাণ নহ’ব।ইয়াৰ বিপৰীতে পতঞ্জলি বিশ্ববিদ্যালয় আৰু ভাৰতীয় শিক্ষা ব’ৰ্ড নিৰ্মাণ হ’ব।”

ৰামদেবে লগতে কয়, ” আপুনি যদি সেই সংস্থাৰ চৰবত পান কৰে, তেন্তে মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণত আপুনি প্ৰত্যক্ষভাৱে সহযোগ কৰিব… মই এই কথা কৈছোঁ, ঠিক যেনেকৈ লাভ জেহাদ আৰু ভোট জেহাদ আছে, ঠিক সেইদৰে চৰবত জেহাদো চলিছে। গতিকে এই চৰবত জেহাদৰ পৰা নিজকে ৰক্ষা কৰিবই লাগিব।”

Hate against Baba Ramdev for being a successful business is uncalled for.

Now they’re targeting him for introducing sharbat to take an Islamic brand.pic.twitter.com/0wr40cF6qB

— Shashank Shekhar Jha (@shashank_ssj) April 9, 2025

ইতিমধ্যে এই ভিডিঅ’টোৱে ফেচবুকত ৩৭ মিলিয়ন ভিউ লাভ কৰিছে। অৱশ্যে তাত মন্তব্য কৰা অধিকাংশই নিজৰ লেখাত সমালোচনা আৰু কটাক্ষ কৰা দেখা গৈছে। এজনৰ ভাষাত – “তেওঁৰ ব্যৱসায় তল পৰিছে। সেইবাবেই তেওঁ বজাৰলৈ নতুন সামগ্ৰী আনিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd