NORTHEAST NOW (Assamese)

টেঙাখাটত অইল ইণ্ডিয়াৰ অব্যৱহৃত গেছ পাইপলাইনত অগ্নিকাণ্ড

December 23, 2022 7:15 pm · এন ই নাও নিউজ, গুৱাহাটী

ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ অব্যৱহৃত গেছ পাইপলাইনত আজি হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

টেঙাখাতৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে তাৎক্ষণিকভাৱে জুই নিয়ন্ত্ৰণ কৰাত অগ্নিকাণ্ডৰ ফলত কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত অইলৰ এগৰাকী মুখপাত্ৰই কিছু দুষ্ট চক্ৰৰ কাৰ্যকলাপৰ বাবে অইলৰ অব্যৱহৃত পাইপলাইনত হঠাতে এইদৰে জুই লাগে বুলি উল্লেখ কৰিছে।

জানিব পৰা মতে, চোৰে পাইপলাইনৰ পৰা তেল চুৰি কৰিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ পৰিণতিতে এই অগ্নিকাণ্ড সংঘটিত হৈছিল।

অইলৰ বিষয়াৰ ভাষ্য মতে, তিনচুকীয়া আৰু ডিব্ৰুগড় জিলাত এইদৰে পাইপলাইনৰ পৰা তেল চুৰি কৰা এটা কু-চক্ৰ অত্যন্ত সক্ৰিয়।

এনেদৰে চুৰিৰ চেষ্টাৰ বাবেই তেলৰ পাইপলাইনত জুই লাগিছিল বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে।

Related News