DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

আইপিএল নিলামত টকাৰ উজান: ১৮.৫ কোটি টকাৰে আইপিএল ইতিহাসত সৰ্বাধিক দৰত বিক্ৰী খেলুৱৈত পৰিণত চেম কোৰান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2022 6:33 pm
IPL Auction
302
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আইপিএল- ৰ ১৬ তম সংস্কৰণৰ বাবে আজি খেলুৱৈৰ নিলামত অংশ লৈছে ফ্ৰেন্সাইজি সমূহে। আজি অনুষ্ঠিত হোৱা নিলামত ভংগ হয় পূৰ্বৰ সকলো অভিলেখ।

প্ৰত্যাশিতভাৱেই আজিৰ নিলামত চাৰিগৰাকী ক্ৰিকেটাৰৰ বিপৰীতে সোঁত বয় অৰ্থৰ। ইংলেণ্ডৰ তিনি খেলুৱৈ ক্ৰমে চেম কোৰান, বেন ষ্ট’কছ, হেৰী ব্ৰুক আৰু অষ্ট্ৰেলিয়াৰ কেমেৰ’ন গ্ৰীনে নিলামত লাভ কৰে বিপুল পৰিমাণৰ দৰ।

অলৰাউণ্ডাৰ চেম কোৰানক সৰ্বাধিক ১৮.৫ কোটি টকাত ক্ৰয় কৰে পঞ্জাব কিংছে। এইদৰে কোৰান আইপিএল- ৰ ইতিহাসত সৰ্বাধিক দৰত বিক্ৰী হোৱা খেলুৱৈত পৰিণত হয়।

আনহাতে অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্ৰীনে লাভ কৰে নিলামৰ দ্বিতীয় সৰ্বাধিক দৰ। গ্ৰীনক ১৭.৫ কোটি টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। ইফালে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছক ১৬.২৫ কোটি টকাত চেন্নাই ছুপাৰ কিংছ আৰু হেৰী ব্ৰুকক ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৩.২৫ কোটি টকাত ক্ৰয় কৰে।

ৱেষ্ট ইণ্ডিজৰ উইকেটকীপাৰ বেটাৰ নিকোলাছ পুৰাণক ১৬ কোটি টকাত লক্ষ্ণৌ ছুপাৰজায়েণ্টছে ক্ৰয় কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ হেনৰিক ক্লাচেনক ছানৰাইজাৰ্ছ হায়দৰাবাদে ৫.২৫ কোটি টকাত ক্ৰয় কৰিছে। ৱেষ্ট ইণ্ডিজৰে জেচন হ’ল্ডাৰে ৰাজস্থান ৰয়েলছৰ দ্বাৰা লাভ কৰে ৫.৭৫ কোটি টকাৰ দৰ।

বৰ্তমানলৈকে এই পাঁচগৰাকী খেলুৱৈৰ দৰ ১০ কোটি টকাতকৈ অধিক পৰিমাণলৈকে উঠিছে। ইফালে নিলামত হঠাতে দৰ বৃদ্ধি পায় আনকেপড অল ৰাউণ্ডাৰ বিভ্ৰান্ত শৰ্মাৰ। খেলুৱৈ গৰাকীক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২.৬০ কোটি টকাত ক্ৰয় কৰে।

আনহাতে ভাৰতীয় তাৰকা খেলুৱৈ মায়াংক আগৰৱালাকো ৮.২৫ কোটি টকাত ক্ৰয় কৰিছে হায়দৰাবাদে। ইংলেণ্ডৰ বেগী বলাৰ ৰিচ টপলীক ১.৯০ কোটি টকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ক্ৰয় কৰে।

ইংলেণ্ডৰ লেগ-স্পিনাৰ আদিল ৰছিদক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২ কোটি টকাৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে। আনহাতে যোৱাবাৰৰ ছিজনত ১৬ কোটি টকা লাভ কৰা কেন উইলিয়ামচনক ২ কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে।

নিলামত ৫ কোটিতকৈ অধিক দৰ লাভ কৰি বিশেষভাৱে চৰ্চালৈ আহিছে দুগৰাকী যুৱ ভাৰতীয় পেচাৰ। পেচাৰ শিৱম মাভিক গুজৰাট টাইটানছে ৬ কোটি টকাত আৰু মুকেশ কুমাৰক ৫.৫ কোটি টকাত ক্ৰয় কৰে দিল্লী কেপিটেলছে।

Recent News

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd