বৰপেটা জিলা বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি : ধনৰ বিনিময়ত টিকট প্ৰদানৰ অভিযোগ

barpeta

বৰপেটাৰ বিজেপি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।

সমাগত পঞ্চায়ত নিৰ্বাচনত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি ৰাজ্যৰ কেইবাটাও ঠাইত অভিযোগ উঠাৰ পিছত এইবাৰ বৰপেটা জিলাতো অনুৰূপ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগ উত্থাপন হৈছে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে ৷

বৰপেটা জিলা বিজেপি কমিটিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাসে ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ তুলি শনিবাৰে নিশা দলটোৰ তৃণমূল কৰ্মীয়ে জিলা বিজেপিৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ জিলা সম্পাদক গৰাকীয়ে বৃহৎ লেন দেনৰ বিনিময়ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা বুলি তৃণমূল কৰ্মীয়ে গুৰুতৰ অভিযোগ তুলি বিজেপি কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সম্পাদক গৰাকীক অপসাৰণ কৰাৰ দাবী তোলে ৷

ইপিনে,যোগ্য প্ৰাৰ্থী বঞ্চিত কৰি বৃহৎ অংকৰ বিনিময়ত একাংশ প্ৰাৰ্থীক দলীয় টিকট বুলি দলীয় একাংশ কৰ্মী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত জিলা বিজেপিৰ কাৰ্যালয়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ জিলা সম্পাদক গৰাকীৰ বিৰুদ্ধে একাংশ দলীয় কৰ্মীৰ তোলা এনে অভিযোগে পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশেষ ইংগিত বহন কৰিছে ৷