উত্তৰপ্ৰদেশত ৩০ জুনলৈ সকলোধৰণৰ জনসমাবেশ নিষিদ্ধ কৰিলে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উত্তৰপ্ৰদেশত ৩০ জুনলৈ সকলো ধৰণৰ ৰাজহুৱা সমাবেশ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে যোগী চৰকাৰে।
মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে সকলো বিভাগৰ বিষয়া সকলক ৩০ জুনলৈ যাতে ৰাজ্যত কোনোধৰণৰ ৰাজহুৱা সমাবেশ অনুষ্ঠিত নহয় সেয়া নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা পৰৱৰ্তী সিদ্ধান্ত পৰিস্থিতি অনুসৰি গ্ৰহণ কৰা হ’ব বুলিও লগতে জনায়।
উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশত বৰ্তমানলৈ ১,৬০০ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।
আনহাতে, মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা উত্তৰপ্ৰদেশৰ শ্ৰমিক সকলক নিজৰ ৰাজ্যলৈ ঘুৰাই আনি সংস্থাপন দিয়াৰ ক্ষেত্ৰতো বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছিল।
দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা ল’কডাউনৰ নীতি নিৰ্দেশনা পালন কৰাৰ স্বাৰ্থত মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে কিছুদিন পূৰ্বে তেওঁৰ স্বৰ্গগামী হোৱা তেওঁৰ পিতৃৰ অন্তিম যাত্ৰাটো অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল।