NORTHEAST NOW (Assamese)

কিমাশ্চৰ্যম! ব্যক্তিৰ একাউণ্টত সোমাল ৯৯০০ কোটি টকা

May 19, 2024 10:58 am · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ ভাদোহী জিলাত সংঘটিত হৈছে এক আচৰিত ঘটনা৷ৰাজ্যখনৰ এজন লোকে তেওঁৰ বেংক একাউণ্টত ৯,৯০০ কোটি টকাৰ ধন থকা বুলি আৱিষ্কাৰ কৰাত ব্যক্তিজন আচৰিত হৈ পৰে। এই ধনৰাশি সোমোৱাৰ কাৰণ চফট্‌ৱেৰৰ গ্লিচ বুলি জানিব পৰা গৈছে৷

ভানু প্ৰকাশ নামৰ ব্যক্তিজনে যেতিয়া বৰোদা বেংকৰ সৈতে জড়িত বেংক একাউণ্ট চেক কৰিলে, তেতিয়া তেওঁ ৯৯,৯৯,৯৪,৯৫,৯৯৯.৯৯ টকা দেখুৱাই তেতিয়া স্তম্ভিত হৈ পৰে। ইয়াৰ পাছতে তেওঁ বেংকক বিষয়টোৰ বিষয়ে অৱগত কৰে।তদন্তৰ অন্তত বেংকটোৱে স্পষ্ট কৰি দিয়ে যে ভানু প্ৰকাশৰ একাউণ্টটো কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি)ৰ ঋণ একাউণ্ট, যিটো দুৰ্ভাগ্যজনকভাৱে নন-পাৰফৰ্মিং এচেট (এনপিএ)ত পৰিণত হৈছিল।

বেংকৰ শাখা পৰিচালক ৰোহিত গৌতমে কয় যে চফট্‌ৱেৰৰ গ্লিচৰ সৃষ্টিৰ ফলত একাউণ্টত থকা এক বিশাল ধনৰ ভুলকৈ দেখা পোৱা গৈছিল৷

গৌতমে এনে ভুল চম্ভালিবলৈ বেংকৰ পদ্ধতিৰ বিষয়ে বিশদভাৱেউল্লেখ কৰি কয় যে-“এনপিএৰ বাবে লিংকড ছেভিংছ একাউণ্টত কিছুমান সীমা আৰোপ কৰা হয়, প্ৰায়ে একাউণ্টটো ফ্ৰীজ কৰি ৰখা হয় যাতে অধিক সমস্যাৰ সৃষ্টি নহয়। ভানু প্ৰকাশে যেতিয়া তেওঁৰ একাউণ্ট চেক কৰিছিল, তেতিয়া এনপিএৰ বৰ্তমানৰ নিষেধাজ্ঞাৰ বাবে ই নেতিবাচক ৰূপত দেখা দিছিল। আমি তেওঁৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিছিলো। আৰু ভুলটো শুধৰাবলৈ চেষ্টা কৰা হৈছিল৷”

Related News