• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেট জ্বৰ! ফাইনেলৰ সময়ত টিভি বন্ধ কৰাৰ বাবেই পুত্ৰক মোবাইল চাৰ্জাৰেৰে হত্যা পিতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 4:12 pm
Man killed son
18.2k
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় ডেৰ মাহ ধৰি ক্ৰিকেট জ্বৰত আক্ৰান্ত হ’ল দেশ। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰতিদ্বন্দিতা কৰাৰ সময়ত সমগ্ৰ দেশতে বিৰাজ কৰিছিল উন্মাদনাই।

এনে উন্মাদনাত উত্তৰ প্ৰদেশৰ এজন লোক ইমানেই নিমগ্ন হৈ পৰিছিল যে মেচ চলি থকাৰ সময়ত টেলিভিছন বন্ধ কৰি দিয়াৰ বাবেই নিজ পুত্ৰক হত্যা কৰে।

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা। প্ৰকাশিত খবৰ অনুসৰি, গণেশ প্ৰসাদ নামৰ ব্যক্তিগৰাকীয়ে নিজ গৃহত টেলিভিচনৰ সমুখত বহি উপভোগ কৰি আছিল ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেচ।

তেনে সময়তে তেওঁৰ পুত্ৰ দীপকে খেল চোৱাৰ পূৰ্বে প্ৰথমে ৰাতিৰ আহাৰ ৰান্ধিবলৈ অনুৰোধ কৰে। এই কথাত পিতৃয়ে কোনো সঁহাৰি নজনোৱাত দীপকে টিভিটো বন্ধ কৰি দিলে।

ইয়াৰ ফলশ্ৰুতিত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত সৃষ্টি হয়। এই কাজিয়া ক্ষণিকৰ ভিতৰতে শাৰীৰিক কাজিয়ালৈ পৰিণত হয় আৰু পুত্ৰৰ ওপৰত জপিয়াই পৰে গণেশ।

কাজিয়াৰ মাজতে গণেশে নিজৰ পুত্ৰক মোবাইল চাৰ্জাৰেৰে ডিঙি চেপি হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ সময়ত অভিযুক্ত গণেশে মদ্যপান কৰি আছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

ইফালে ঘটনা সংঘটিত কৰিয়েই গণেশ প্ৰসাদে সেই স্থানৰ পৰা পলায়ন কৰিছিল যদিও সোমবাৰে কানপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আনহাতে দীপকৰ মৃতদেহটো ঘৰৰ চিৰিৰ ওচৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে এজন আত্মীয়ই আৰু লগে লগে আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে সদৰী কৰা মতে, পিতৃ-পুত্ৰই প্ৰায়ে মদ্যপান কৰি এইদৰে কাজিয়াত লিপ্ত হৈছিল। যোৱা সপ্তাহত এনে এক কাজিয়াৰ সময়ত পুত্ৰ দীপকে প্ৰহাৰ কৰাৰ পাছত ঘৰৰ পৰা ওলাই গৈছিল তেওঁৰ মাতৃ।

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd